২০২৪ চনৰ গণ অভ্যুত্থানৰ ফলত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছত অনুষ্ঠিত প্ৰথমটো সাধাৰণ নিৰ্বাচনত তাৰিক ৰহমানৰ নেতৃত্বাধীন বাংলাদেশ নেচনেলিষ্ট পাৰ্টী চমুকৈ বি এন পিয়ে শুকুৰবাৰে ঐতিহাসিক বিজয় সাৱ্যস্ত কৰে। নিৰ্বাচন আয়োগৰ আনুষ্ঠানিক ঘোষণা এতিয়াও বাকী যদিও বিভিন্ন সংবাদ মাধ্যমৰ তথ্য অনুসৰি ৩০০ আসনৰ সংসদত ইতিমধ্যে বি এন পিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠনৰ বাবে সাজু হৈছে। এই বৃহৎ সফলতাৰ পিছতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ নতুন নেতৃত্বক শুভেচ্ছা জনাই বন্ধুত্ব আৰু সহযোগিতাৰ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে এক অভিনন্দন বাৰ্তাত কয় যে এই বিজয়ে তাৰিক ৰহমানৰ নেতৃত্বৰ প্ৰতি বাংলাদেশৰ জনসাধাৰণৰ গভীৰ আস্থা প্ৰকাশ কৰিছে। ভাৰতে এখন গণতান্ত্ৰিক, প্ৰগতিশীল আৰু সৰ্বাংগীন বাংলাদেশৰ সমৰ্থনত সদায় থিয় দি থাকিব বুলি উল্লেখ কৰি তেওঁ দুই দেশৰ বহুমুখী সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে উমৈহতীয়া উন্নয়নৰ লক্ষ্য আগবঢ়াই নিয়াৰ বাবে নতুন চৰকাৰৰ সৈতে কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে।
ইফালে, বি এন পিৰ জ্যেষ্ঠ নেতা ৰুহুল কবীৰ ৰিজভিয়ে এই বিজয়ক ‘বৃহৎ বিজয়’ বুলি অভিহিত কৰি দলীয় কৰ্মীসকলক বিজয় সমদল উলিওৱাৰ পৰিৱৰ্তে জুম্মাৰ নামাজৰ পিছত মছজিদে মছজিদে আল্লাহক ধন্যবাদ জনাবলৈ আহ্বান জনাইছে।
যমুনা আৰু সময় টেলিভিছনৰ প্ৰক্ষেপণ অনুসৰি বি এন পিয়ে প্ৰায় ১৯৭ খন আসন লাভ কৰাৰ সম্ভাৱনা থকাৰ বিপৰীতে জামাত-ই-ইছলামীৰ মিত্ৰজোঁটে ৬৩ খন আসনত অগ্ৰগতি লাভ কৰিছে। আনহাতে, ভাৰতত আশ্ৰয় গ্ৰহণ কৰি থকা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই এক বিবৃতি যোগে এই নিৰ্বাচনক ‘অবৈধ আৰু অসাংবিধানিক’ বুলি অভিহিত কৰিছে। শান্তিৰ নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত চলা অন্তৰ্ৱৰ্তীকালীন প্ৰশাসনৰ শাসনকালৰ অন্ত পেলাই নতুন নিৰ্বাচিত চৰকাৰে অতি সোনকালে দায়িত্ব গ্ৰহণ কৰি দেশত এক নতুন যুগৰ সূচনা কৰিব বুলি আশা কৰা হৈছে।
নিৰ্বাচনৰ দিনটোত কেইটামান সৰু-সুৰা ঘটনাৰ বাহিৰে ভোটগ্ৰহণ প্ৰক্ৰিয়া বহুলাংশে শান্তিপূৰ্ণ আছিল। বৰ্তমান ৰাষ্ট্ৰপতিৰ ক্ষমতা বৃদ্ধি আৰু ন্যায়িক স্বাধীনতাৰ দৰে গুৰুত্বপূৰ্ণ সাংবিধানিক সংস্কাৰসমূহৰ ওপৰত জনসাধাৰণে গণভোটৰ জৰিয়তে কিদৰে সহাঁৰি জনায়, সেয়া হ’ব পৰৱৰ্তী সময়ৰ আটাইতকৈ লক্ষ্যণীয় বিষয়। বাংলাদেশৰ এই গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰিৱৰ্তনে দক্ষিণ এছিয়াৰ ভূ-ৰাজনীতিতো এক নতুন মাত্ৰা যোগ কৰিব বুলি চৰ্চা হৈছে।
