মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই চাহ উদ্যোগৰ বিষয়ে সংবাদ মাধ্যমৰ আগত জানোৱাটো হৈছে যে, ৰাজ্যৰ অৰ্থনীতিত ২৫ বছৰীয়া এক সুদীৰ্ঘ যাত্ৰাৰ পাছত অভূতপূৰ্ব সফলতা লাভ কৰিছে। তেওঁ উল্লেখ কৰে যে, শেহতীয়া বছৰত অসমৰ পৰা চাহ ৰপ্তানিৰ পৰিমাণ ৪০ নিযুত কিলোগ্ৰাম, যিটো এক ঐতিহাসিক মাইলৰ খুঁটি। আন্তঃৰাষ্ট্ৰীয় বজাৰত অসম চাহৰ প্রতি বিশ্ববাসীৰ পুনৰ আস্থা বৃদ্ধি পোৱাটো এই সফলতাৰ সুত্ৰপাত ঘটিছে।
মুখ্যমন্ত্রীৰ তথ্য অনুসৰি, অসমৰ সামগ্ৰিক চাহ উৎপাদন ৫০ নিযুত কিলোগ্ৰাম বৃদ্ধি পাইছে। আৰু সেই উৎপাদনোটোৰ প্ৰায় ৫০ শতাংশ ‘অৰ্থডক্স’ চাহৰ পৰা আহিছে, যাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত যথেষ্ট চাহিদা আৰু উচ্চ মূল্য আছে। তদুপৰি, দক্ষিণ ভাৰতত চাহ উৎপাদনৰ ১০ নিযুত কিলোগ্ৰাম হ্ৰাসৰ দিশত এক উল্লেখযোগ্য তথ্য প্ৰকাশ কৰিছে। অসমৰ চাহৰ বিক্ৰীও ১৯ নিযুত কিলোগ্ৰাম বৃদ্ধি পোৱা বুলি উল্লেখ কৰা হৈছে, যিয়ে বজাৰৰ শক্তিশালী স্থিতিৰ ইংগিত দিছে।
মুখ্যমন্ত্রী চাহ উদ্যোগৰ পুনৰুত্থানৰ বাবে সন্তুষ্টি প্ৰকাশ কৰি কয় যে, অৰ্থডক্স চাহৰ শ্ৰেণীটো বিশ্ব বজাৰত বিশেষ আদৰ লাভ কৰা ফলত চাহ বাগানসমূহ আৰু গ্ৰাম্য অৰ্থনীতিৰ উন্নতি ঘটিব। ২৫ বছৰৰ পাছত লাভ কৰা এই খবৰ ৰাজ্যৰ চাহৰে জড়িত লাখ লাখ লোকৰ জীৱন-জীৱিকাৰ পথ অধিক সুচল কৰাৰ আশাৰ প্ৰতিফলন।
