ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হোৱা ভাৰতৰ প্ৰথম আৰু বিশ্বৰ ভিতৰত দ্বিতীয় ‘ৰোড-কাম-ৰেল’ সুৰংগৰ বাবে কেন্দ্ৰীয় কেবিনেটে ১৮,৬৬২ কোটি টকাৰ পুঁজি অনুমোদন জনাইছে। এই ১৫.৭৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ আণ্ডাৰৱাটাৰ সুৰংগ গহপুৰ আৰু নুমলীগড়ৰ মাজৰ ২৪০ কিমি দূৰত্বক মাত্ৰ ৩৩.৭ কিমিৰ ভিতৰত সংকুচিত কৰিব, যাৰ ফলত গহপুৰৰ পৰা নুমলীগড়লৈ যাবলৈ লাগা ৬ ঘণ্টাৰ সময় কেইমিনিটত হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। এই উন্নতি কাৰ্যৰ জৰিয়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু তেজপুৰ চহৰত যান-জঁটৰ পৰা মুক্তি পাব।
প্ৰকল্পটো ১৫ নং আৰু ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ সৈতে গুৰুত্বপূৰ্ণ ৰেলপথক সংযোগ কৰিব, যাৰ ফলত অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু অসমৰ মাজত সামগ্ৰী পৰিবহণ অধিক দ্ৰুত আৰু সহজ হ’ব। চৰকাৰী তথ্য অনুসৰি, এই নিৰ্মাণ কাৰ্যই প্ৰায় ৮০ লাখ কৰ্মদিনৰ নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব।
উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশত এই প্রকল্পই মেৰুদণ্ড হিচাপে কাম কৰিব, যি নুমলীগড় তেল শোধনাগাৰৰ দৰে ১১ টা উদ্যোগিক কেন্দ্ৰ, ৪ টা মুখ্য ৰেল ষ্টেচন আৰু ইটানগৰ তথা তেজপুৰৰ ২ টা বিমানবন্দৰৰ মাজত নির্দেশিত যাতায়াত প্ৰদান কৰিব। এই পদক্ষেপে পৰ্যটন আৰু বাণিজ্যিক ক্ষেত্রত এক নতুন দিগন্তৰ সূচনা হব বুলি চৰকাৰে আশা প্ৰকাশ কৰিছে।
