আগতন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰাৰ মাজতে মঙলবাৰে কংগ্ৰেছ ত্যাগ কৰা ভূপেন বৰাক তীব্ৰ ভাষাৰে আক্ৰমণ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। ডিব্ৰুগড় জিলাৰ নৱগঠিত ৮৯ নং খোৱাং বিধানসভা সমষ্টিৰ আজাৰগুৰিত দলৰ প্ৰথমটো নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি গগৈয়ে স্পষ্ট কৰি দিয়ে যে যিসকল নেতাৰ বজাৰত দাম বাঢ়িলে বিক্ৰী হৈ যায়, তেওঁলোকে জনসাধাৰণৰ স্বাৰ্থত কেতিয়াও কাম কৰিব নোৱাৰে। ব্যক্তিগত স্বাৰ্থৰ বাবে আদৰ্শ জলাঞ্জলি দিয়া এইসকল নেতাই ৰাইজক প্ৰতাৰণা কৰি আহিছে বুলিও তেওঁ মন্তব্য কৰে।
খোৱাং সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো প্ৰায় নিশ্চিত কৰি লুৰীণজ্যোতি গগৈয়ে শাসকীয় বিজেপি চৰকাৰকো ক্ষুৰধাৰ সমালোচনা কৰে। তেওঁ কয় যে নিৰ্বাচন চমু চাপি অহাৰ লগে লগে একাংশ নেতাই বিজেপিৰ বিৰুদ্ধে ডাঙৰ ডাঙৰ কথা কৈ পিছদিনাই নিজক বিক্ৰী কৰা কাৰ্যই ৰাজনীতিৰ মানদণ্ড নিম্নগামী কৰিছে। “কিনা-বেচাৰ ৰাজনীতিৰ এই সংস্কৃতি নাইকিয়া কৰিবলৈহে আমি ৰাজনীতিত ভৰি দিছো,” বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে। এই নতুন কাৰ্যালয়টোৱে সমষ্টিবাসীৰ অধিকাৰৰ যুঁজত মুখ্য ভূমিকা পালন কৰিব বুলিও তেওঁ আশাবাদী।
আনহাতে, ৰাজ্যৰ ৰাজনীতিত চলি থকা দল-বদলৰ চৰ্চাক লৈয়ো গগৈয়ে এক গুৰুত্বপূৰ্ণ ইংগিত প্ৰদান কৰে। প্ৰবীণ জাতীয়তাবাদী নেতা বৃন্দাবন গোস্বামীৰ দলত যোগদানৰ সম্ভাৱনা সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে কেৱল গোস্বামীয়েই নহয়, ৰাজ্যৰ আন বহুকেইগৰাকী বিশিষ্ট আৰু প্ৰভাৱশালী নেতাৰ সৈতে বৰ্তমান দলীয় আলোচনা চলি আছে। আজিৰ এই কাৰ্যালয় উদ্বোধন কাৰ্যসূচীত সমষ্টিটোৰ শ শ দলীয় কৰ্মী আৰু সমৰ্থক উপস্থিত থাকি এক প্ৰকাৰ শক্তি প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়।
