বাংলাদেশৰ ৰাজধানী ঢাকাৰ মিৰপুৰৰ ৰূপনগৰৰ এটা বস্ত্ৰ কাৰখানাত অগ্নিকাণ্ড । এই ঘটনাত ষোল্লজন লোকে প্ৰাণ হেৰুৱাৰ লগতে আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে ।তালহা বিন জাছিমে উল্লেখ কৰা মতে, এই অগ্নিকাণ্ড ইমানেই ভয়াৱহ আছিল যে এতিয়াও অব্যাহত আছে জুই নিৰ্বাপনৰ প্ৰচেষ্টা । বিষয়াসকলে এই অগ্নিকাণ্ডৰ মূল কাৰণটো নিৰ্ণয় কৰাৰ বাবে চেষ্টা চলাই আছে । লগতে এই জুইৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণো মূল্যায়ন কৰি আছে ।তথ্য অনুসৰি, কাপোৰৰ কাৰখানাটোৰ প্ৰথম আৰু দ্বিতীয় মহলাৰ পৰা উদ্ধাৰ হৈছে ১৬ টা মৃতদেহ । বিভাগীয় কৰ্তৃপক্ষই সন্দেহ কৰিছে যে এই লোকসকলৰ মৃত্যু কাৰণ হ’ব পাৰে বিষাক্ত গেছ । বিষাক্ত গেছ সেৱন কৰাৰ ফলতে কেবাজনো লোক মৃত্যু মুখত পৰিছে । এই কাৰখানাটোত এতিয়াও অব্যাহত আছে এক অনুসন্ধান অভিযান ।
