বন বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষৰ বিৰূদ্ধে চূড়ান্ত অৱহেলাৰ অভিযোগ ৰাইজৰ

27

আজাৰা, ২১ জানুৱাৰী :  গুৱাহাটী মহানগৰীৰ  পশ্চিম প্রান্তৰ ঐতিহাসিক দীপৰ বিলৰ পৰা আৰম্ভ কৰি অসম-মেঘালয় সীমান্তৰ শুকুৰবেৰীয়া হৈ প্রায় লোহাৰঘাটৰ সমীপলৈকে সামৰি থকা ৬৬২৪   হেক্টৰ মাটিকালিৰে পৰিৱেষ্টিত ৰাণী সংৰক্ষিত বনাঞ্চলখন ৰাজ্যৰ এখন অন্যতম বনাঞ্চল হিচাপে ব্ৰটিছ শাসনৰ দিনৰে পৰা পৰিগণিত হৈ আহিছে। শাল, চেগুণ, আহু, কৰৈ, অক্টিম আদিকে ধৰি বভিন্ন মূল্যৱান গছ-গছনিৰে পৰিৱেষ্টিত তথা নয়নাভিৰাম প্রাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ৰাণী সংৰক্ষিত বনাঞ্চলত হাতী, নাহৰফুটুকী, হৰিণ, বন গাহৰি, বনৰীয়া মুর্গী, অজগৰকে ধৰি বিভিন্ন প্ৰজাতিৰ সৰীসৃপ, মইনা,  ভাটোকে ধৰি বিভিন্ন প্ৰজাতিৰ দুষ্প্রাপ্য চৰাই আছে। কিন্তু অতি পৰিতাপৰ কথা এই যে ৰাণী সংৰক্ষিত বনাঞ্চলত বহু দুষ্প্রাপ্য প্ৰজাতিৰ উদ্ভিদ, জীৱ-জন্তু থকা স্বত্ত্বেও অসম চৰকাৰৰ বন বিভাগৰ ঊর্ধ্বতন কর্তৃপক্ষই ৰাণী সংৰক্ষিত বনাঞ্চলখন অৱহেলাৰ দৃষ্টিৰে চোৱা বুলি অঞ্চলটোৰ সচেতন ৰাইজে  তীব্র ক্ষোভ প্রকাশ কৰিছে।

প্রধানতঃ ৰাণী সংৰক্ষিত বনাঞ্চলখনৰ বৃহত্তৰ আয়তন আৰু ভৌগোলিক জটিলতাৰ প্ৰতি লক্ষ্য ৰাখি বনৰক্ষী- বনপালকসহ যিমানখিনী বনকৰ্মীৰ প্ৰয়োজন তাৰ তুলনাত যথেষ্ট কম সংখ্যক বনকৰ্মীয়ে ৰাণী সংৰক্ষিত বনাঞ্চলত পহৰা দিয়া কাৰ্যত ভীষণ অসুবিধাৰ সম্মুখীন হোৱা বুলি জানিব পৰা গৈছে। ৰাণী বনাঞ্চলৰ অধীনৰ শুকুৰবেৰীয়া, জয়পুৰ, নালাপাৰা, গাৰোপাৰা, চেঁচা , সজ্বনপাৰা, হাতীমৰাঘুলি আদি খণ্ড বন কার্যালয়ত প্ৰয়োজনতকৈ কম বনকর্মীয়ে কর্তব্যত নিয়োজিত হৈ আছে। ইপিনে অসম বন সুৰক্ষা বাহিনীৰ সহস্ৰ জোৱানৰ সংখ্যাও কেইজনমানহে । তেনেক্ষেত্রত সীমিত সংখ্যক বনকৰ্মীয়ে নিজৰ জীৱনক তুচ্ছ কৰিও বনাঞ্চল পহৰা দি থকা বুলি ৰাণী বনাঞ্চলিক বিষয়া ৰ’জী বৰ্মনে জানিবলৈ দিছে । যাৰ বাবে সময়ে সময়ে দুষ্কৃতিকাৰীৰ লক্ষ্য হৈ পৰিছে বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অধীনৰ ৰাণী, জৰাশাল আৰু কাৱাচিং সংৰক্ষিত  বনাঞ্চলৰ বনকর্মী। আনহাতে সীমিত সংখ্যক বনকর্মীয়ে একে সময়তে বনজ সম্পদসহ গছ-গছনি ৰক্ষা, বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰি স্থানীয় কৃষিজীৱী গঞাক ৰক্ষা কৰিবলগীয়া হৈছে।

তেনেক্ষেত্ৰত ৰাণী সংৰক্ষিত বনাঞ্চলৰ প্ৰতি গুৰুত্ব আৰোপ কৰি পৰ্যাপ্ত সংখ্যক বনকর্মী নিয়োগ- কৰিবলৈ ৰাজ্যৰ বন বিভাগৰ ঊর্ধ্বতন কর্তৃপক্ষক স্থানীয় ৰাইজে  দাবী জনাইছে। আনহাতে একে সময়তে ৰাণী বনাঞ্চলখন ৰক্ষাৰ বাবে ব্যৱহৃত তথা বনকৰ্মী সকলে থকা মেলা কৰা খণ্ড বন বিষয়া , বন শিবিৰ সমুহৰ কেবাটাও বছৰ বছৰ ধৰি মেৰামতি কিম্বা পুনৰ্নিৰ্মাণ নকৰা বাবে ব্যৱহাৰৰ অনুপযোগী হৈ পৰা পৰিলক্ষিত হৈছে। যাৰ বাবে  বাৰিষা কালত বৰষুণৰ বতৰত সেই শিবিৰত থকা বনকৰ্মীয়ে নানান দুৰ্ভোগ ভোগ কৰিবলগীয়া হয়। অৱশ্যে এনে ধৰণৰ অসুবিধা স্বত্বেও তেওঁৰ লগতে বনকৰ্মী সকলেও সাহসৰ পৰিচয় দি নিয়মিতভাৱে বনাঞ্চলখনত পহৰা দি আহিছে। যাতে কোনো দুস্কৃতিকাৰীয়ে গছ কটা বা অৰণ্য ধ্বংস কাৰ্যত লিপ্ত হব নোৱাৰে। আনহাতে ৰাণী বনাঞ্চলৰ দাঁতি কাষৰীয়া অঞ্চলৰ সচেতন লোকসকলে  বনাঞ্চল ৰক্ষা কাৰ্যত সদায় সহযোগিতা আগবঢ়াই আহিছে বুলি সদৰি কৰি বন বিষয়া ৰজী বৰ্মনে বন ধ্বংস কাৰ্যত জড়িত একাংশ লোকে মাজে সময়ে ভুৱা অপপ্ৰচাৰৰ লগতে কিছু কিছু সংবাদ মাধ্যমকো ৰাণী বনাঞ্চল সন্দৰ্ভত মিছা বাতৰি যোগান ধৰি বিপথে পৰিচালিত কৰি আহিছে বুলি আক্ষেপ প্ৰকাশ কৰিছে।