ৰাজ্যত বৰ্তমানৰ চৰকাৰৰ শাসনকালত এক ভীতিগ্ৰস্ত পৰিৱেশে বিৰাজ কৰিছে। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰি শনিবাৰে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। লোকসভাৰ বিৰোধী উপ-দলপতিগৰাকীয়ে এক সংবাদমেল সম্বোধন কৰি কয় যে বৰ্তমানৰ চৰকাৰখনৰ দিনত মানুহে নিজৰ মতামত মুক্তভাৱে প্ৰকাশ কৰিবলৈ ভয় কৰা হৈছে। ৰাজ্যৰ উন্নয়ন কেৱল এটা বিশেষ পৰিয়ালৰ মাজতে সীমাবদ্ধ হৈ ৰৈছে। সেই বিশেষ পৰিয়ালটোৱে ৰাজ্যৰ প্ৰায় ১২ হাজাৰ বিঘা মাটি দখল কৰিছে বুলিও বিস্ফোৰক অভিযোগ তোলে গৌৰৱ গগৈয়ে।
গাওঁসমূহত চৰকাৰী বিদ্যালয় বন্ধ কৰি সুৰাৰ দোকান বৃদ্ধি কৰা কাৰ্যক তীব্ৰ সমালোচনা কৰি গৌৰৱ গগৈয়ে কয়, “মুখ্যমন্ত্ৰীয়ে নিজৰ পদৰ মৰ্যাদা লাঘৱ কৰিছে। অসমৰ মানুহে এতিয়া পৰিৱৰ্তন বিচাৰিছে। আমাৰ ‘সময় পৰিৱৰ্তনৰ’ কাৰ্যসূচীয়ে অভূতপূৰ্ব জনসমৰ্থন লাভ কৰিছে আৰু ব’হাগ বিহুৰ পূৰ্বেই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।” হাতত থকা মাত্ৰ ৩০টা দিনৰ প্ৰতিটো মুহূৰ্ত কামত লগাবলৈ তেওঁ দলীয় কৰ্মীসকলক ঘৰে ঘৰে গৈ প্ৰচাৰ চলাবলৈ আহ্বান জনায়।
ইফালে, বিৰোধী ঐক্য আৰু মিত্ৰতাৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি তেওঁ লগতে কয়, “মই এতিয়াও আশাবাদী যে ৰাইজৰ দলৰ সৈতে মিত্ৰতা হ’ব। অলপ সময় লাগিছে যদিও আমাৰ হাতত এতিয়াও সময় আছে। অনাগত দিনত মিত্ৰজোঁটৰ দলসমূহৰ সৈতে অতি সোনকালেই যুটীয়া নিৰ্বাচনী প্ৰচাৰ আৰু জনসভা আৰম্ভ কৰা হ’ব।” চৰকাৰৰ বিৰুদ্ধে বিৰোধীৰ এই আক্ৰমণাত্মক স্থিতিৰ পাছত এতিয়া উজনিৰ ৰাজনীতি বিশেষভাৱে উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে।
