ব্ৰহ্মপুত্ৰৰ তলিৰে ১৮,৬০০ কোটি টকীয়া এক অভিলাষী ৰেল-পথ সুৰংগ প্ৰকল্পৰ বাবে বুধবাৰে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে কেন্দ্ৰীয় কেবিনেটে। নিৰ্বাচনমুখী অসমৰ বাবে এই প্ৰকল্পই এক বিশেষ মাত্ৰা প্ৰদান কৰিব বুলি ধাৰণা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত দক্ষিণ ব্লকত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকত এই প্ৰস্তাৱত অনুমোদন জনোৱাৰ সম্ভাৱনা আছে। যদিহে এই প্ৰকল্পই সেউজ সংকেত লাভ কৰে, তেন্তে ই হ’ব ভাৰতৰ প্ৰথমটো যমজ-নলীযুক্ত জলতলীৰ আন্তঃগাঁথনি, য’ত একেলগে ৰেল আৰু যান-বাহন চলাচলৰ ব্যৱস্থা থাকিব।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি, এই কৌশলগত সুৰংগটোৱে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ গহপুৰক দক্ষিণ পাৰৰ নুমলীগড়ৰ সৈতে সংযোগ কৰিব। বৰ্তমান এই দুই স্থানৰ মাজত ভ্ৰমণৰ বাবে প্ৰায় চাৰি ঘণ্টা সময়ৰ প্ৰয়োজন হয় যদিও সুৰংগটো নিৰ্মাণ হোৱাৰ পাছত মাত্ৰ ৩০ ৰ পৰা ৩৫ মিনিটতে গন্তব্য স্থান পাব পৰা যাব। কেৱল সাধাৰণ জনতাৰ যাতায়তৰ বাবে নহয়, আন্তৰ্জাতিক সীমা আৰু চিলিগুৰী কৰিডৰৰ সমীপত হোৱাৰ বাবে প্ৰতিৰক্ষাৰ দিশৰ পৰাও এই প্ৰকল্পৰ গুৰুত্ব অপৰিসীম। জৰুৰীকালীন অৱস্থাত সেনা আৰু সামৰিক সামগ্ৰী দ্ৰুতগতিত সৰবৰাহ কৰাৰ বাবে ইয়াক ব্যৱহাৰ কৰা হ’ব।
কেন্দ্ৰ চৰকাৰৰ এই পদক্ষেপক উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ এক বৃহৎ প্ৰচেষ্টা হিচাপে গণ্য কৰা হৈছে। বিগত এক দশকত এই অঞ্চলত ৰাস্তা, ৰেলপথ আৰু দলং নিৰ্মাণত সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছে। যদিহে এই সিদ্ধান্ত গৃহীত হয়, তেন্তে ব্ৰহ্মপুত্ৰৰ তলৰ এই সুৰংগটো দেশৰ ভিতৰতে অন্যতম বৃহৎ জলতলীৰ পৰিবহন আন্তঃগাঁথনি প্ৰকল্প হিচাপে পৰিগণিত হ’ব।
অসমত নিৰ্বাচনৰ বতাহ বলি থকাৰ সময়তে কেন্দ্ৰৰ এই পদক্ষেপে ৰাজনৈতিকভাৱেও বিশেষ চৰ্চা লাভ কৰিছে। পৰ্যবেক্ষকসকলৰ মতে, এই প্ৰকল্পই কেৱল উন্নয়নৰ ধাৰাই নহয়, বৰঞ্চ অঞ্চলটোৰ বাণিজ্য আৰু প্ৰতিৰক্ষাৰ ছবিখনো সম্পূৰ্ণৰূপে সলনি কৰি দিব। আগন্তুক দশকবোৰত এই সুৰংগই অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগৰ মেৰুদণ্ড হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে।নুমলীগড় আৰু গহপুৰক সংযোগ কৰিব ব্ৰহ্মপুত্ৰ তলৰ ৰেল সুৰংগ; ১৮,৬০০ কোটি টকাৰ প্ৰকল্পে নতুন অধ্যায়
