খানামুখত অন্বেষ গোষ্ঠীৰ ৯২ সংখ্যক মাহিলি বৈঠক সম্পন্ন

59

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অগ্ৰণী সাহিত্য , সংস্কৃতিমূলক  অনুষ্ঠান “অন্বেষ গোষ্ঠী”ৰ ৯২ সংখ্যক বৈঠকখন  ৯ ফেব্ৰুৱাৰীত  গুৱাহাটী পৌৰ নিগম এলেকাৰ এক নম্বৰ ৱাৰ্ডৰ  খানামুখস্থিত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰৰ সমুহীয়া ভৱনত অনুস্থিত হৈ যায় ৷ উল্লেখযোগ্য যে অসমৰ সাহিত্য সংস্ক্‌তি জগতৰ উত্তৰণত এক অগ্ৰণী ভুমিকা লৈ অহা অন্বেষ গোষ্ঠী .. ধাৰাপুৰে বিগত ২০১৬ চনৰে পৰা আলোচনী প্ৰকাশকে ধৰি বিভিন্ন সাহিত্য সংস্ক্‌তিমুলক কামকাজত আগভাগ লৈ আহিছে। আনহাতে সহকাৰী সম্পাদক অতুল কলিতাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা বৈঠকখনত সভাপতিত্ব কৰে গোষ্ঠীৰ সভাপতি ডঃ দিলিপ কুমাৰ কলিতাই আৰু উদ্দ্যেশ্য বাখ্যা কৰে সম্পাদক পৰীক্ষিত হালৈয়ে৷

বৈঠকত  গীত , মাত ,কবিতা , অনুগল্প পাঠ , একক অভিনয় আদিৰে অনুষ্ঠানটি জীপাল কৰি তোলা কবি, সাহিত্যক , শিল্পীসকল আছিল ক্ৰমে – মঞ্জিৰা  ডেকা , হিমানী কলিতা , মামনি হাজৰিকা , ডঃ প্ৰদীপ কলিতা , নিজৰা বৰুৱা কলিতা , উত্তৰা ৰাভা , ৰুক্মিণী দাস , ডঃ নলিনী কান্ত শৰ্মা , ডঃ বাণীকান্ত গোশ্বামী , লক্ষ্মণ পাঠক , ডঃ দুৰ্গাচৰণ কলিতা , চন্দন কুমাৰ ভুঞা , ভৈৰৱ পাচনি , মিনু দেবী , দীপেন কাকতি .. সবিতা দেবী বৰুৱা ,  লিপিকা ডেকা , তৰুলতা বৈশ্য ,  দেৱযানী বৰুৱা , দিপিকা কলিতা , নিভা কলিতা , জোনটি শৰ্মা , আবুল হুছেইন , সোমা দাস , বিতোপন শৰ্মা , তৃষ্ণা চৌধুৰী , মনোমতী অধিকাৰী ,  মামনি কলিতা , মনালিছা দেবী , জোৎস্না মালাকাৰকে ধৰি আৰু বহুজনে৷

বৈঠকত স্থানীয় কন্ঠশিল্পী বদন কলিতাই আধুনিক গীত আৰু তেওৰ  শিশু কন্যা কস্তুৰী কলিতাই নৃত্য প্ৰদৰ্শন কৰে। আনহাতে চন্দন কলিতাৰ সামগ্ৰিক পৰিচালনাত অনুষ্ঠিত বৈঠকখনৰ শেষত  শলাগৰ শৰাই আগবঢ়াই  খানামুখ লক্ষ্মী মন্দিৰ পৰিচালনা কমিটীৰ প্ৰাক্তন সভাপতি সত্য ভৰালী আৰু মুকুল কলিতাই৷ অন্বেষ গীতেৰে আৰম্ভ কৰা বৈঠকখন সভাপতিৰ ভাষণৰ পিছতে জাতীয় সংগীত পৰিবেশনৰে সামৰণি পৰে৷