ষ্টাৰ্টআপৰ বাবে ‘লেভেল আপ’ মুকলি কৰিবলৈ

371

ভাৰতৰ মহিলা উদ্যোগী আৰু তেওঁলোকৰ ষ্টাৰ্টআপবোৰ শীৰ্ষ স্তৰলৈ আগবঢ়াই নিয়াৰ উদ্দেশ্যৰে গুগল ফৰ ষ্টাৰ্টআপছৰ (জিএফএছ) সৈতে সহযোগিতা কৰি ৯১স্প্ৰিংবৰ্ডে এক “লেভেল আপ” শীৰ্ষক  দেশব্যাপী ভাৰ্চুৱেল এক্সিলাৰেটৰ কাৰ্যসূচী আৰম্ভ কৰিছে।

ইয়াত ব্যৱসায়, প্ৰযুক্তি, নেতৃত্ব আৰু বিনিয়োগৰ প্ৰস্তুতিৰ মুখ্য উপাদানবোৰ একত্ৰিত কৰি মহিলা উদ্যোগীসকলক তেওঁলোকৰ মডেলবোৰ স্পষ্ট কৰিবলৈ, তেওঁলোকৰ নেতৃত্বৰ দক্ষতা বৃদ্ধি কৰিবলৈ আৰু তেওঁলোকৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ আৰু মূলধন প্ৰাপ্ত কৰাৰ বাবে বিনিয়োগ সাজু কৰিবলৈ পৰামৰ্শ, মাষ্টাৰ ক্লাছেছ, সংযোগ আৰু প্ৰাসঙ্গিক সঁজুলি প্ৰদান কৰে। এই কাৰ্যসূচীটো বিশেষভাৱে মহিলা উদ্যোগীসকলক সমৰ্থন কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে, যিসকলে নিৰ্ভৰযোগ্য পৰামৰ্শদাতা, সহকৰ্মী গোট আৰু অন্যান্য ব্যৱসায় সম্পৰ্কীয় সমৰ্থনৰ প্ৰৱেশাধিকাৰ বিচাৰি আছে।

এই সন্দৰ্ভত ৯১স্প্ৰিংবৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া আনন্দ ভেমুৰীয়ে কয়, “ষ্টাৰ্টআপৰ বাবে গুগলৰ সৈতে এই প্ৰচেষ্টাৰ জৰিয়তে আমি মহিলা উদ্যোগীসকলক তেওঁলোকৰ ব্যৱসায়ৰ পৰিৱেশ গঢ়ি তোলা আৰু সফল ষ্টাৰ্টআপ নিৰ্মাণত সহায় কৰাৰ আশা কৰো।” ষ্টাৰ্টআপ এপিএচিৰ গুগলৰ মুৰব্বী মাইক কিমে কয়, ‘আমি এই যাত্ৰাৰ অংশ হ’বলৈ আৰু গুগলৰ আন্তঃৰাষ্ট্ৰীয় সমৰ্থন, সংযোগ আৰু নেটৱৰ্ক এই কাৰ্যসূচীলৈ অনাৰ বাবে উৎসাহিত।’ কাৰ্যসূচীটো ১৭ আগষ্ট, ২০২২ তাৰিখে আৰম্ভ হৈছিল।