ভাৰ্টিগো বা মূৰ ঘূৰোৱা হৈছে এক ভাৰসাম্যবিকাৰ, যাৰ ফলত হঠাতে এজন লোকে পৃথিৱীখন ঘূৰি থকাৰ অনুভৱ কৰে। এইটোৱে বিচলিত কৰে আৰু সতৰ্কবাৰ্তা অবিহনে হ’ব পাৰে, সেয়েহে ইয়াক কেৱল মূৰ ঘূৰোৱাৰ মুহূৰ্ত বুলি আওকাণ কৰিব নালাগে। ভাৰতত ৯.৯ নিযুতৰো অধিক লোকে মূৰ ঘূৰোৱা অনুভৱ কৰে।
বৃদ্ধসকলৰ ক্ষেত্ৰত ভাৰ্টিগো অধিক সচৰাচৰ হয়, ৬০ বছৰতকৈ অধিক বয়সৰ ৩০% আৰু ৮৫ বছৰতকৈ অধিক বয়সৰ ৫০% লোকে ইয়াক অনুভৱ কৰে। ২০৩১ চনৰ ভিতৰত ভাৰতৰ বৃদ্ধ জনসংখ্যা ১৯৪ নিযুত হোৱাৰ সম্ভাৱনা আছে, আৰু হঠাতে হোৱা এই ৰোগ উদ্বেগজনক হ’ব পাৰে আৰু ইয়াৰ ফলত হাড় ভঙাৰ আশংকা বৃদ্ধি কৰিব পাৰে। পৰি যোৱাৰ আশংকাই মানসিক সমস্যা যেনে উদ্বেগ আৰু হতাশাৰ লগতে আতংকৰ আক্ৰমণ সৃষ্টি কৰিব পাৰে, যাৰ ফলত ব্যক্তি এজনৰ সুস্থতাৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। ইয়াৰ কাৰণ জনাৰ পিছত, চিকিৎসকে ইয়াৰ চিকিৎসা আৰু দীৰ্ঘম্যাদী সকাহ প্ৰদান কৰাৰ উপায়ৰ পৰামৰ্শ দিব পাৰে।
ইয়াত অন্তৰ্ভুক্ত থাকিব পাৰে শাৰীৰিক চিকিৎসা, ঔষধ, মনোচিকিৎসা ইত্যাদি। জাৰ্মানীৰ মিউনিখৰ লুডৱিগ মেক্সিমিলিয়ানছ বিশ্ববিদ্যালয়ৰ চিকিৎসালয়ৰ নিউৰোলজী বিভাগ আৰু জাৰ্মান চেণ্টাৰ ফৰ ভাৰ্টিগো এণ্ড বেলেন্সডিচাৰ্ছৰ নিউৰোলজীবিভাগৰ অধ্যাপক ডাঃ মাইকেল ষ্ট্ৰুপে কয়, “ইয়াৰ উচ্চ প্ৰচলন স্বত্বেও, ৰোগী আৰু স্বাস্থ্যসেৱা পেছাদাৰী দুয়োৰে মাজত অৱস্থা সম্পৰ্কে সজাগতাৰ অভাৱ আছে। কিন্তু এবাৰ কাৰোবাক সঠিকভাৱে চিনাক্ত কৰাৰ পিছত এইটো চিকিৎসা কৰিব পৰা যায়।”