ৰাজ্য চৰকাৰে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট সোমবাৰে বিধানসভাৰ মজিয়াত উত্থাপন কৰে। বিত্তমন্ত্রী অজন্তা নেওগে বহু ঘোষণাৰে সদনত দাখিল কৰিলে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট। বাজেটত নাৰীকেন্দ্ৰিক তিনিখন আঁচনিৰ নামত ধাৰ্য কৰা হৈছে মুঠ ৮৪২৯ কোটি টকা। ইয়াৰে ৫ হাজাৰ কোটি টকা অৰুণোদয় ৩.০ আঁচনি, ৩০৩৮ কোটি টকা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান আৰু ৩৯১ কোটি টকা মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিত আবণ্টন দিয়া হৈছে। বিত্তমন্ত্রী অজন্তা নেওগে দাখিল কৰা বাজেটত কোৱা হৈছে যে অৰুণোদয় আঁচনিখন মহিলা সবলীকৰণ আৰু অৰ্থনৈতিক অন্তর্ভুক্তিকৰণৰ দিশত এক গণ আন্দোলনৰূপে পৰিহণিত হৈছে।
আঁচনিখনে অর্থনৈতিকভাৱে পিছপৰা লাখ লাখ পৰিয়ালৰ বিত্তীয় সুৰক্ষা আৰু মৰ্যাদা সুনিশ্চিত কৰিছে। বিভিন্ন লাভালাভক একত্ৰ কৰি এই আঁচনিৰ অধীনত মাহিলি ১,২৫০ টকাকৈ আগবঢ়োৱা নগদ ধনে অসংখ্য পৰিয়ালক স্বাস্থ্য, পৰিপুষ্টি আৰু অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত নিজস্ব অগ্ৰাধিকাৰ অনুসৰি ব্যয় কৰাৰ স্বাধীনতা প্ৰদান কৰিছে। বিত্তমন্ত্রীয়ে ভাষণত কয় যে বিধৱাসকলৰ পেন্সন যাতে অৰুণোদয়ৰ সমপৰ্যায়ৰ হয় সেয়া নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে ৰাষ্ট্ৰীয় বিধৱা পেন্সন আঁচনিৰ হিতাধিকাৰীলৈ টপ-আপ পেন্সন আগবঢ়াব। আমি ২০২০ চনত অৰুণোদয় আৰম্ভ কৰি ১৮ লাখ মহিলাক সামৰি লৈছিলো, যিটো ২০২৩ চনৰ ডিচেম্বৰলৈ বৃদ্ধি হৈ ২৪ লাখ হয়গৈ।
মই ঘোষণা কৰিলোঁ যে ২০২৫-২৬ বিত্তীয় বৰ্ষত অৰুণোদয় ৩.০ৰ অধীনত আমি হিতাধিকাৰীৰ সংখ্যা ৩৭.২ লাখলৈ বৃদ্ধি কৰিম। ২০২৫ বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত বড়োলেণ্ড প্ৰাদেশীয় অঞ্চলৰ বাহিৰে অন্যান্য অঞ্চলৰ বাবে আমি হিতাধিকাৰীৰ এখন চূড়ান্ত তালিকা প্রস্তুত কৰিব পাৰিম বুলি আশা কৰিছোঁ আৰু তাৰ বাবে সঠিক সময়ত আমি হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰিম। মই আঁচনিখনৰ বাবে ৫,০০০ কোটি টকা আছুতীয়াকৈ ৰখাৰ প্ৰস্তাৱ ৰখা হৈছে।