এয়াৰটেল ইণ্ডিয়াৰ সৈতে অংশীদাৰীত্ব 7UP®ৰ

213

পেপচিকো ইণ্ডিয়াই ভাৰতী এয়াৰটেলৰ (এয়াৰটেল) সৈতে শেহতীয়া অংশীদাৰীত্বৰ ঘোষণা কৰি 7UP®-এ এটা নতুন টিভিচি মুকলি কৰিছে। ইয়াত বিশেষ অফাৰৰ সৈতে, গ্ৰাহকসকলে এতিয়া এয়াৰটেল থ্যাংকছ এপত ৰেহাই লাভ কৰাৰ লগতে 7UP® পিইটি বটলৰ প্ৰতিটো ক্ৰয়ৰ ওপৰত ১০ টকাৰ পৰা ২০ টকা মূল্যৰ প্ৰিপেইড ৰিচাৰ্জ লাভ কৰাৰ সুযোগ পাব।

আমোদজনক নতুন টিভিচিত শেহতীয়া প্ৰস্তাৱটো শুভংকৰ ফিডো ডিডোৰদ্বাৰা প্ৰচাৰ কৰিব। এই অফাৰ* ২৫০ মিলি লিটাৰ, ৫০০ মিলি লিটাৰ, ৬০০ মিলি লিটাৰ, ৭৫০ মিলি লিটাৰ, ১.২৫ লিটাৰ আৰু ২.২৫ লিটাৰৰ 7UP® পিইটি বটল ক্ৰয়ৰ ওপৰত প্ৰযোজ্য। টিভি, ডিজিটেল, আউটডৰ আৰু সামাজিক মাধ্যমত বিস্তৃত ৩৬০ ডিগ্ৰী প্ৰচাৰৰ জৰিয়তে এই অংশীদাৰীত্ব বৃদ্ধি কৰা হ’ব।

 7UP® পৰম্পৰাগত আৰু আধুনিক ৰিটেইল আউটলেটৰ লগতে নিৰ্বাচিত ই-কমাৰ্চ প্লেটফৰ্মত ছিংগল/মাল্টি-চাৰ্ভ পেকত উপলব্ধ। নতুন অভিযানৰ সন্দৰ্ভত পেপচিকো ইণ্ডিয়াৰ ফ্লেভাৰৰ জ্যেষ্ঠ বিপণন সঞ্চালক নাছিব পুৰীয়ে কয়, “এই প্ৰস্তাৱৰ উদ্দেশ্য হৈছে গ্ৰাহকসকলৰ আনন্দ অধিক বিশেষ কৰি তোলা।”