আজি এই প্ৰতিবেদনৰ জৰিয়তে জানোঁ আহক এইবাৰ দেশবাসীয়ে ৭৮ সংখ্যক নে ৭৯ সংখ্যক স্বাধীনতা দিৱস পালন কৰিব, তথা এই দিনটোৰ তাৎপৰ্য, ইতিহাস আৰু মহৎ বাণীসমূহ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোতে ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰে ভাৰতে ৷ এইবাৰ স্বাধীনতা দিৱস শুকুৰবাৰে পৰিছে ৷ অৰ্থাৎ অহা শুকুৰবাৰে দেশবাসীয়ে গৌৰৱেৰে পালন কৰিব স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱসৰ দিনটোৱে প্ৰায় ২০০ বছৰৰ পাছত ব্ৰিটিছ শাসনৰ পৰা মুক্তি লাভৰ বাবে কৰা দীৰ্ঘদিনীয়া সংগ্ৰাম আৰু ত্যাগক সোঁৱৰাই দিয়ে ৷কিমান বৰ্ষত ভৰি দিলে স্বাধীন ভাৰতে ? ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰে ৷ স্বাধীনতাৰ প্ৰথমটো বৰ্ষপূৰ্তি ১৯৪৮ চনৰ ১৫ আগষ্টত উদযাপন কৰা হয় ৷গতিকে, ২০২৫ চনত স্বাধীনতাৰ ৭৮ বছৰ সম্পূৰ্ণ হ’ল ৷ কিন্তু যিহেতু ১৯৪৭ চনত প্ৰথম স্বাধীনতা দিৱস উদযাপন কৰা হৈছিল, গতিকে ২০২৫ চনত ভাৰতে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব ৷ এক কথাত ভাৰতে স্বাধীনতাৰ ৭৮ বছৰ সম্পূৰ্ণ কৰি ২০২৫ চনত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব ৷
