আপুনি জানেনে যে প্ৰতি বছৰে হাজাৰ হাজাৰ শিশুৰ জন্ম হয় এনে এক বিপজ্জনক ভাইৰাছ যিয়ে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে? ব্ৰিটেইনৰ ব্রিষ্টল বিশ্ববিদ্যালয়ৰ গৱেষকসকলে তেওঁলোকৰ নতুন অধ্যয়নত প্রকাশ কৰিছে যে প্রতি বছৰে প্রায় ৭৪ হাজাৰ শিশু হেপাটাইটিছ চি ভাইৰাছ (HCV) ৰোগত আক্ৰান্ত হৈ জন্ম লয়।
চিন্তনীয় কথাটো হ’ল এই শিশুসকলৰ ভিতৰত প্ৰায় ২৩ হাজাৰ শিশুৰ এই সংক্ৰমণে পাঁচ বছৰ বয়সলৈকেও এৰি নাযায়। এই অধ্যয়ন ব্রিষ্টল বিশ্ববিদ্যালয়ৰ নেশ্যনেল ইনষ্টিটিউট ফৰ হেল্থ এণ্ড কেয়াৰ ৰিচার্চৰ বিজ্ঞানীসকলে চলাইছে, যাৰ ফলাফল চিকিৎসা আলোচনী দ্য লেন্সেট গেষ্ট্ৰ’এণ্টেৰ’লজি এণ্ড হেপাট’লজীত প্রকাশ কৰা হৈছে৷
এই সন্দৰ্ভত প্ৰকাশিত গৱেষণা প্ৰতিবেদনত প্ৰকাশ পাইছে যে এনে ৰোগীৰ সংখ্যা সৰ্বাধিক পাকিস্তান আৰু নাইজেৰিয়াত। ইয়াৰ পিছতে চীন, ৰাছিয়া, ভাৰতৰ দৰে দেশ। মুঠতে এই পাঁচখন দেশত আধাতকৈ অধিক আক্ৰান্ত হৈছে।
