আগন্তুক শীতকালীন বিধানসভা অধিৱেশনত ৰাজ্য চৰকাৰে উত্থাপন কৰিব বহুচৰ্চিত বহুবিবাহ বিধেয়ক। এই বিধেয়কখন বিধানসভাত উত্থাপনৰ বাবে দেওবাৰে ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে। সেই অনুসৰি ২৫ নৱেম্বৰৰ পৰা ৫ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া বিধানসভা অধিৱেশনত এই বিধেয়কখন উত্থাপন কৰিবলৈ প্রস্তুতি সম্পূর্ণ কৰি তুলিছে। ৰাজ্যিক কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সংবাদমেলযোগে কয় যে বহুবিবাহ বন্ধ কৰাৰ বাবে বহুবিবাহ বিধেয়ক বিধানসভাত উত্থাপনৰ বাবে কেবিনেটে অনুমোদন জনাইছে।
এই বিধেয়কখনৰ নাম হ’ব ‘দ্য আছাম প্রভিজন অব পলিগামী বিল-২০২৫’। এই বিধেয়কখন গৃহীত হৈ আইনত পৰিণত হোৱাৰ পাছত কোনো ব্যক্তিয়ে দ্বিতীয় তৃতীয় বিবাহ কৰিব নোৱাৰিব। দ্বিতীয়-তৃতীয় বিবাহ কৰিলে সেই ব্যক্তিজনৰ ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড হ’ব। ইয়াৰ উপৰি এই বিধেয়কখনত এনে এটা দফা থাকিব, যাৰ অধীনত বহুবিবাহ কৰা ব্যক্তিজন গ্রেপ্তাৰ হোৱাৰ পাছত তাৎক্ষণিকভাবে কোনো জামিন লাভ নকৰিব। লগতে মুখ্যমন্ত্রীয়ে সংবাদমেলত এই বুলিও কয় যে বহুবিবাহৰ যিগৰাকী মহিলা ভুক্তভোগী হ’ব সেইগৰাকী মহিলাক চৰকাৰৰ তৰফৰ পৰা সাহায্য আগবঢ়োৱা হ’ব।
যিহেতু তেওঁৰ স্বামী কাৰাগাৰত থাকিব তেনেস্থলত তেওঁ জীৱন নিৰ্বাহৰ ক্ষেত্ৰত যাতে কোনোধৰণৰ সমস্যা আহি নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ভুক্তভোগী মহিলাগৰাকীক চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সাহায্য আগবঢ়োৱাৰ এটা সাহায্য পুঁজি গঠন কৰা হ’ব। এই পুঁজিৰ পৰা ভুক্তভোগী মহিলাগৰাকীয়ে সুবিধাখিনি লাভ কৰিব। ইয়াৰ উপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই বিধেয়কৰ পৰা বাদ পৰিব জনজাতীয় লোক আৰু ষষ্ঠ অনুসূচিত অঞ্চল।
