মধ্য কামৰূপ মহাবিদ্যালয়ৰ ৫৩ সংখ্যক প্ৰতিষ্ঠা দিৱস

243

মধ্য কামৰূপ মহাবিদ্যালয়ৰ ৫৩ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে সফলতাৰে সম্পন্ন হয়। ১৯৭১ চনৰ ৯ আগষ্টত প্ৰতিষ্ঠা লাভ কৰিছিল মধ্য কামৰূপ মহাবিদ্যালয়ে । ৫৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা মুকলি সভাখন ৰাভা সংগীতেৰে আৰম্ভ হয়। বিশ্ববিদ্যালয় এখনৰ ৰাজহাড় হৈছে মহাবিদ্যালয়সমূহ। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধীনত ১৮ খন মহাবিদ্যালয় আছে। এই মহাবিদ্যালয়সমূহক লৈ আগন্তুক দিনত ভাল কাম কৰাৰ উদ্দেশ্যেই  মই ভট্টদেৱ বিশ্ববিদ্যালয়লৈ আহিছোঁ।”

এই মন্তব্য বজালীস্থিত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নৱ নিযুক্ত উপাচাৰ্য ড৹ ধনপতি ডেকাৰ।  বৰপেটা জিলাৰ পূব প্ৰান্তৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান চেঙাস্থিত মধ্য কামৰূপ মহাবিদ্যালয়ৰ ৫৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য কৰে ড৹ ধনপতি ডেকাই। উপাচাৰ্য ড৹ ডেকাই ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব পৰাকৈ পুনৰ কয় যে- “মধ্য কামৰূপ মহাবিদ্যালয় এখন সুন্দৰ শিক্ষানুষ্ঠান।

ছাত্ৰ- ছাত্ৰীসকলৰ উজ্জ্বল মুখ , অভিভাৱকসকলৰ আগ্ৰহ দেখি মই আপ্লুত হৈ পৰিছোঁ। ইন্টাৰনেটত অকল ফেচবুক আৰু ইন্ষ্টাগ্ৰাম কৰিলেই নহ’ব; ইন্টাৰনেটৰ যোগেদি বহুত ভাল শিক্ষা গ্ৰহণ কৰিব পাৰি। শিক্ষাৰ লগতে আড্ডাও মাৰিব লাগিব । আড্ডাও এটা জীৱনৰ অংশ। কেৱল ফেচবুক কম কৈ কৰিব লাগিব।”