ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মৰ্মুৱে ন্যায়াধীশ সূৰ্য্য কান্তক শপত বাক্য পাঠ কৰোৱায়। তেওঁ হিন্দী ভাষাত শপত গ্ৰহণ কৰে। ন্যায়াধীশ বি.আৰ. গাভাইৰ স্থানত ন্যায়পালিকাৰ সৰ্বোচ্চ পদত নিযুক্তি দিয়া হৈছে সূৰ্য্য কান্তক।
দেওবাৰে অৱসৰ গ্ৰহণ কৰে ন্যায়াধীশ গাভাইয়ে। ৩০ অক্টোবৰত ন্যায়াধীশ সূৰ্য্য কান্তক পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল আৰু তেওঁ প্ৰায় ১৫ মাহ এই পদত কাৰ্যনিৰ্বাহ কৰিব। ২০২৭ চনৰ ৯ ফেব্ৰুৱাৰীত ৬৫ বছৰ সম্পূৰ্ণ কৰাৰ পিছত তেওঁ এই পদ এৰিব।
উপ-সভাপতি চি.পি. ৰাধাকৃষ্ণনৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে। শপত লোৱাৰ পিছত ন্যায়াধীশ সূৰ্য কান্তই প্ৰধানমন্ত্ৰী মোদীৰ ওচৰলৈ গৈ তেওঁক সম্ভাষণ জনায়।
