প্ৰকৃতিৰ লগত জড়িত সমস্যাৰ বিষয়ে মানুহক সজাগ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ৫ জুনত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। এই উপলক্ষে বিভিন্ন স্থানত কাৰ্যসূচীৰ আয়োজন কৰি নাগৰিকসকলৰ মাজত পৰিৱেশ সম্পৰ্কে সজাগতা বৃদ্ধি কৰা হয়।আজি ৫ জুন। সমগ্ৰ বিশ্বতেই আজিৰ দিনটোত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস (World Environment Day)। আমাৰ লগতে আমাৰ চৌপাশৰ পৰিৱেশকো প্ৰয়োজন সুৰক্ষাৰ। এই বছৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে প্লাষ্টিক প্ৰদূষণ প্ৰতিৰোধ কৰক (Beat Plastic Pollution)। এই বছৰৰ বিষয়বস্তুত চৰকাৰ, উদ্যোগ, সম্প্ৰদায় আৰু ব্যক্তিসকলক একত্ৰিত হ’বলৈ আৰু প্লাষ্টিকৰ বিপদৰ বিৰুদ্ধে যুঁজিবলৈ ভাল বিকল্প অন্বেষণ কৰিবলৈ আহ্বান জনোৱা হৈছে। প্লাষ্টিকৰ ব্যৱহাৰ স্বাস্থ্যৰ বিপদৰ পৰা মুক্ত নহয়, আৰু মুখ্যতঃ সাগৰক প্ৰদূষিত কৰে, যি পানীত বাস কৰা জীৱবোৰৰ বাবে ক্ষতিকাৰক। এই বছৰৰ বিষয়বস্তু অনাৰ মুখ্য উদ্দেশ্য হৈছে ইয়াৰ দ্বাৰা হোৱা প্ৰদূষণ হ্ৰাস কৰা।
