হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৭অভিযুক্তৰ ভিতৰত ৫ অভিযুক্তক বুধবাৰে আদালতত হাজিৰ কৰোৱা হয়। আৰক্ষীৰ জিম্মা শেষ হোৱাৰ লগে লগে ৫ অভিযুক্তক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়।
কটকটীয়া নিৰাপত্তাৰ মাজেৰে অভিযুক্তসকল ক্রমে শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, সন্দীপন গাৰ্গ আৰু জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক আদালতত হাজিৰ কৰোৱা হয়। আটাইকেইজনকে আদালতে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
এতিয়া বাক্সাৰ কাৰাগাৰত থাকিব ৫ অভিয়ুক্ত।নিৰাপত্তাজনিত কাৰণত গুৱাহাটীৰ কাৰাগাৰত নাৰাখিলে অভিযুক্তকেইজনক। নৱনিৰ্মিত কাৰাগাৰখনত ৰখা হ’ব শ্যামকানু-সিদ্ধাৰ্থসহ ৫ অভিযুক্তক।
