২৬ ডিচেম্বৰৰ পৰা মেলবৰ্ণত ভাৰত-অষ্ট্ৰেলিয়াৰ চতুৰ্থ টেষ্ট

8

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত ৫ খন খেলৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী ২০২৪-২৫ ত এতিয়ালৈকে তিনিখন মেচ খেলা হৈছে, যাৰ ভিতৰত টীম ইণ্ডিয়াই প্ৰথমখন মেচত একপক্ষীয় বিজয় লাভ কৰিছে আৰু দ্বিতীয়খন মেচত আয়োজক অষ্ট্ৰেলিয়াই জয় লাভ কৰিছে। আনহাতে, গাব্বাত অনুষ্ঠিত তৃতীয় টেষ্টখন অমীমাংসিত ভাৱে সমাপ্ত হয়। এতিয়া দুয়োটা দলৰ মাজত শৃংখলাটোৰ চতুৰ্থখন খেল ২৬ ডিচেম্বৰত বক্সিং দিৱসৰ ঐতিহাসিক মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব। এই খেলপথাৰত যোৱা ১০ বছৰত টীম ইণ্ডিয়াৰ এটা ভাল অভিলেখ আছে।

যোৱা ১০ বছৰত, টীম ইণ্ডিয়াই মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত মুঠ তিনিখন টেষ্ট মেচ খেলিছে, যাৰ ভিতৰত দুখন জিকিছে আৰু এটা ড্ৰ হৈছে। এনে পৰিস্থিতিত, ভাৰতীয় দলৰ অভিলেখৰ পৰিপ্ৰেক্ষিতত অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সৰ দায়িত্ব অধিক বৃদ্ধি পাব। কিয়নো বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত স্থান সুৰক্ষিত কৰিবলৈ দুয়োটা দলৰ বাবে অন্তিম দুখন মেচ অতি গুৰুত্বপূৰ্ণ। ভাৰতীয় দলটোৱে শেষবাৰৰ বাবে ২০২০ চনত মেলবৰ্ণ ষ্টেডিয়ামত এখন টেষ্ট মেচ খেলিছিল, য’ত আজিংক্য ৰাহানে দলটোৰ অধিনায়ক আছিল আৰু টীম ইণ্ডিয়াই ইয়াক ৮ উইকেটত জিকিছিল।

উল্লেখ্য যে মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ড হৈছে পৃথিৱীৰ অন্যতম ঐতিহাসিক ষ্টেডিয়াম। এতিয়ালৈকে, এই ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ১৪ খন টেষ্ট মেচ খেলা হৈছে, যাৰ ভিতৰত আয়োজক অষ্ট্ৰেলিয়াই আঠখনত আৰু টীম ইণ্ডিয়াই চাৰিখন মেচ জিকিছে।  দুখন খেল অমীমাংসিতভাৱে সমাপ্ত হয়। যোৱা বছৰ, অষ্ট্ৰেলিয়াই একেখন ষ্টেডিয়ামত পাকিস্তানৰ বিৰুদ্ধে এখন টেষ্ট মেচ খেলিছিল, যিখন তেওঁলোকে ৭৯ ৰানত জিকিছিল।