এম এ চিদাম্বৰম ষ্টেডিয়ামত শুকুৰবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে চেন্নাই চুপাৰ কিংছৰ খেলৰ সময়ত মহেন্দ্ৰ সিং ধোনীয়ে ৪০০ তম টি-২০খেলাৰ গৌৰৱ অৰ্জন কৰে। তেওঁৰ সুন্দৰ টি-২০ কেৰিয়াৰত, য’ত তেওঁৰ নেতৃত্বত ২০০৭ চনৰ টি-২০ বিশ্বকাপ ভাৰত বিজয়ী হৈছিল আৰু চিএছকেক পাঁচটা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ খিতাপ জয় কৰাত সহায় কৰিছিল।
তেওঁ ১৩৫.৯০ ৰ ষ্ট্ৰাইক ৰেটত ৭৫৬৬ ৰান সংগ্ৰহ কৰিছিল। ৪৪ বছৰীয়া ধোনীয়ে বৰ্তমান ভাল বেটিং প্ৰদৰ্শন কৰাত ব্যৰ্থ হলেও উইকেটকীপাৰ হিচাপে এতিয়াও ভাল প্ৰদৰ্শন কৰি আছে।
মহেন্দ্ৰ সিং ধোনীয়ে আই পি এল ২০২৫ ছিজনত আকৌ এবাৰ চিএছকেৰ নেতৃত্ব দি আছে কিয়নো নিয়মীয়া অধিনায়ক ৰুতুৰাজ গায়কৱাড় আঘাতৰ বাবে বাকী ছিজনৰ খেলৰ পৰা বাহিৰ হৈছে।
