চলিত বৰ্ষৰ ২৬ তাৰিখৰ পৰা ২৯ এপ্ৰিললৈ অনুসূচীত তৃতীয় শিক্ষা কৰ্মী গোটৰ বৈঠক ওড়িশাৰ ৰাজধানী ভুৱনেশ্বৰত আৰম্ভ হয়। বৈঠকখনে জীৱনজোৰা শিক্ষাৰ বাবে দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এনএছডিচিৰ সহযোগত চিএছআইআৰ-ইনষ্টিটিউট অৱ মিনাৰেলছ এণ্ড মেটেৰিয়েলছ টেকন’লজীত এই বৈঠক আয়োজন কৰা হয়। শিক্ষা ৰাজ্যিক মন্ত্ৰী ড০ সুভাষ সৰকাৰে জি-২০ সদস্য ৰাষ্ট্ৰ, অতিথি দেশ, অইচিডি, ইউনেস্কো আৰু ইউনিচেফৰ অংশগ্ৰহণেৰে কাৰ্যসূচীটো সম্বোধন কৰে।
প্ৰথম দিনা দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ৰ সচিব অতুল কুমাৰ তিৱাৰীৰ অধ্যক্ষতাত ৩খন অধিৱেশন অনুষ্ঠিত হয়। প্ৰথম অধিৱেশনটো আছিল ‘কামৰ ভৱিষ্যতৰ প্ৰসংগত শ্ৰমিক বজাৰ আৰু প্ৰতিষ্ঠানগত ক্ষমতা নিৰ্মাণৰ প্ৰয়োজনীয়তাৰ প্ৰতি এক সঁহাৰি গঢ়ি তোলা: উচ্চ মানদণ্ডৰ কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা সক্ষম কৰা’। ই ভৱিষ্যতে প্ৰত্যাশিত দক্ষতা প্ৰদান কৰাৰ বাবে মানৱ আৰু প্ৰতিষ্ঠানগত ক্ষমতা শক্তিশালী কৰাৰ ৰণনীতি, প্ৰশিক্ষণ আৰু পাঠ্যক্ৰমৰ পৰিকাঠামো পুনৰ নিৰ্মাণ, বৃত্তিমূলক পাঠ্যক্ৰমক শৈক্ষিক প্ৰস্তাৱত একত্ৰিত কৰা আৰু শ্ৰেণীকোঠাত প্ৰযুক্তি-আধাৰিত উদ্ভাৱন প্ৰৱৰ্তন কৰাৰ ৰণনীতিৰ বিষয়ে আলোচনা কৰে।
জি-২০ শিক্ষা কৰ্মী গোটৰ লক্ষ্য হৈছে উদ্যোগ-শিক্ষাৰ সম্পৰ্ক বৃদ্ধি কৰি, স্নাতকসকলৰ নিয়োগযোগ্যতা বৃদ্ধি কৰি আৰু অৰ্হতাৰ সমতা স্থাপন কৰি “কামৰ ভৱিষ্যত” সম্পৰ্কীয় সমস্যাবোৰৰ সমাধান বিচাৰি উলিওৱা। দ্বিতীয় অধিৱেশনত উচ্চ আৰু পেছাদাৰীসকলৰ মাজত এখন সাঁকো সৃষ্টিৰ ওপৰত গুৰুত্ব দিয়া হয়। জি-২০ শিক্ষা কৰ্মী গোটে শিশুসকলক ভৱিষ্যতৰ দক্ষতাৰে সজ্জিত কৰিবলৈ “কামৰ ভৱিষ্যত” বিষয়বস্তুৰ ওপৰত ভূৱনেশ্বৰত এক বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত কৰে।
