ৰাজ্য চৰকাৰে ৪টা বিত্তীয় বৰ্ষত বিজ্ঞাপনৰ নামত ব্যয় কৰে ৩৭০ কোটিৰো অধিক টকা। বুধবাৰে বিধানসভাত এই তথ্য প্ৰকাশ কৰে তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকায়। ২০১৬ চনৰ পৰা ২০২১ চনলৈকে অৰ্থাৎ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰে ২০১৬-১৭ বৰ্ষৰ পৰা পাঁচটা বিত্তীয় বৰ্ষত বিজ্ঞাপনৰ নাম ব্যয় কৰিছিল মাত্ৰ ১২৫.৬ কোটি টকা।
কংগ্ৰেছৰ বিধায়ক আব্দুল বাতিন খন্দকাৰৰ প্ৰশ্নৰ লিখিত উত্তৰত মন্ত্ৰী হাজাৰিকাই কয় যে, বৰ্তমানৰ বিজেপি চৰকাৰে ২০২১-২২ চনৰ পৰা যোৱা চাৰিটা বিত্তীয় বৰ্ষৰ ভিতৰত ছপা, ইলেক্ট্ৰনিক আৰু আউটড’ৰ মিডিয়াৰ বিজ্ঞাপনৰ বাবে মুঠ ৩৭২.৩৩ কোটি টকা ব্যয় কৰিছে। উল্লেখ্য যে, ২০২১ চনৰ মে’ মাহত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিছিল বিজেপিয়ে৷
ৰাজ্য চৰকাৰে ২০২০-২১ চনত ৩০.২৪ কোটি টকা বিজ্ঞাপনৰ নামত ব্যয় কৰা সমান্তৰালভাৱে ২০২১-২২ চনত ৭২.৮৩ কোটি টকা, ২০২২-২৩ চনত ৭৮.৮৫ কোটি টকা আৰু ২০২৩-২৪ চনত ১৬০.৯২ কোটি টকা বিজ্ঞাপনৰ নামত ব্যয় কৰে বুলি বিধানসভাত অৱগত কৰে পীযুষ হাজৰিকায়৷ কিন্তু ২০২৪-২৫ বিত্তীয় বৰ্ষত এতিয়ালৈকে চৰকাৰে বিভিন্ন ধৰণৰ বিজ্ঞাপনৰ বাবে ৫৯.৭২ কোটি টকা ব্যয় কৰিছে বুলি জানিবলৈ মন্ত্ৰীগৰাকীয়ে৷