528

কেন্দ্ৰ চৰকাৰে গ্ৰাহক সুৰক্ষা আইন দেশবাসীক উপহাৰ দিলে

ষ্টাফৰিপৰ্টাৰ, ২০ জুলাই : অতি কম সময়ৰ ভিতৰত কেন্দ্ৰ চৰকাৰে পূৰ্বৰ গ্ৰাহক সুৰক্ষা আইন – ১৯৮৬ সংশোধন কৰি এখন নতুন আৰু অধিক শক্তিশালী গ্ৰাহক সুৰক্ষা আইন দেশবাসীক উপহাৰ দিলে। সোমবাৰৰ পৰা সমগ্ৰ দেশত এই নতুন গ্ৰাহক সুৰক্ষা আইন – ২০১৯ কাৰ্যকৰী হব। দেশৰ গ্ৰাহক আন্দোলনৰ সৈতে জড়িত সংগঠন আৰু ব্যক্তি সকলে দীৰ্ঘ সময় ধৰি পূৰ্বৰ
গ্ৰাহক সুৰক্ষা আইন – ১৯৮৬ খন সংশোধিত কৰি বৰ্তমান সময়ৰ সৈতে খাপ খোৱাকৈ ইয়াক প্ৰস্তুত কৰিবলৈ দাবী জনাই আহিছিল। এই সন্দৰ্ভত কেন্দ্ৰ চৰকাৰৰ সৈতে বহুবাৰ আলোচনা বিলোচনাও হৈছিল। অৱশ্যে আৰম্ভণিৰ পৰাই এই ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰৰ মনোভাব যথেষ্ট ধণাত্মক আছিল। ২০১৯ চনৰ ৯ আগষ্টত সংসদে গ্ৰাহক সুৰক্ষা আইন – ২০১৯ ত অনুমোদন জনায়। আইন খন যথেষ্ট শক্তিশালী কৰা হৈছে। গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষাৰ বাবে বহু ক্ষমতা দিয়া হৈছে আইনখনক। পূৰ্বৰ আইন খন সংশোধন কৰাৰ দাবী জনোৱাৰ পৰা আৰম্ভ কৰি ‘গ্ৰাহক সুৰক্ষা আইন-২০১৯’ ৰ ৰূপৰেখা প্ৰস্তুত তথা ইয়াক কাৰ্য্যকৰী কৰালৈকে – এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সৈতে কনজুমাৰ্চ লিগেল প্রটেক্টশ্বন ফৰাম, অসম সক্ৰিয় ভাৱে জড়িত হৈ আছিল। অসমৰ গ্ৰাহক ৰাইজে নিজৰ অধিকাৰ ৰক্ষাৰ বাবে নতুন আইন খন কেনেকোৱা হোৱাটো বিচাৰে তাৰ ওপৰত সমাজৰ বিভিন্ন স্তৰৰ লোকৰ মতামত সংগ্ৰহ কৰা হৈছিল। ৰাজ্যৰ বিভিন্ন ঠাইত সমীক্ষা চলোৱা হৈছিল। দেশৰ গ্ৰাহকৰ হাতত এখন শক্তিশালী আইন তুলি দিবলৈ পাই আমি অতি আনন্দিত। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰ, বিশেষ কৈ গ্ৰাহক পৰিক্ৰমা মন্ত্ৰনালয় বিশেষ ভাবে ধন্যবাদৰ পাত্ৰ। কেন্দ্ৰ চৰকাৰে নিজৰ দায়িত্ব পালন কৰিলে। এতিয়া আমি সকলোৱে নিজকে সচেতন গ্ৰাহক হিচাপে পৰিচয় দিব লাগিব। অসম চৰকাৰেও শীঘ্ৰে এই সংশোধিত আইন খন কাৰ্য্যকৰী কৰিব লাগিব বুলি কনজুমাৰ্চ লিগেল প্রটেক্টশ্বন ফৰাম, অসমৰ সচিব,অধিবক্তা অজয় হাজৰিকা এক বিবৃতি যোগে জনায়।