অসমত গৌতম আদানীয়ে ৩২০০ মেগাৱাটৰ এটা তাপবিদ্যুৎ প্ৰকল্প স্থাপন কৰিব। কিন্তু প্ৰকল্প স্থাপনৰ সমগ্ৰ অনুমোদন প্ৰক্ৰিয়া চৰকাৰ বা মুখ্যমন্ত্ৰীয়ে গোপনে ৰাখিছে বুলি অভিযোগ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে। তেওঁ অভিযোগ কৰি কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অতি প্ৰচাৰমুখী মানুহ আৰু সাধাৰণ কথা এটাও ঢাক-ঢোল বজাই প্ৰচাৰ কৰে। অথচ অসমৰ সৰ্ববৃহৎ এই বিদ্যুৎ উৎপাদন প্ৰকল্প স্থাপনৰ বিষয়ত মুখ্যমন্ত্ৰী ইমান মৌন কিয়? মুখ্যমন্ত্ৰীৰ এই মৌনতা কেৱল আশ্চৰ্যজনকেই নহয়, ৰহস্যজনকো। কিয়নো মুখ্যমন্ত্ৰীয়ে যোৱা ২ নৱেম্বৰৰ দিনা নতুন দিল্লী আদানীৰ ঘৰলৈ গৈ উদ্যোগপতিগৰাকীক সাক্ষাৎ কৰিছিল। সেইদিনা তেওঁ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু পিছদিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছিল। গতিকে কথাটো এনেকুৱা নেকি যে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক জীৱনলৈ অহা সংকট দূৰ কৰিবৰ বাবে তেওঁ আদানীৰ আশ্ৰয় লৈছে আৰু বিনিময়ত তাপবিদ্যুৎ স্থাপনৰ বাবে অসমৰ খিলঞ্জীয়া লোকৰ ৪৫০০ বিঘা মাটি আদানীক দিবলৈ তৎপৰ হৈছে চৰকাৰ। অৰ্থাৎ নিজৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষা কৰিবলৈ খিলঞ্জীয়াৰ ভূমি আদানীৰ ওচৰত মুখ্যমন্ত্ৰীয়ে উছৰ্গা কৰিবলৈ গৈ আছে নেকি, এইটো আজিৰ তাৰিখৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন। অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱা ২ নৱেম্বৰত দিনৰ ১.৪০ বজাত নতুন দিল্লীৰ ভাগৱত দাস ৰোডত থকা আদানীৰ দিল্লীৰ বাসভৱনলৈ যায় আৰু আদানীয়ে মুখ্যমন্ত্ৰীক ২০ মিনিট বহুৱাই থৈ দিনৰ ২ বজাত সাক্ষাৎ কৰে। এই কথা এতিয়া দিল্লী আৰু অসমৰ ৰাজনীতিক তথা সংবাদ মাধ্যমৰ লোকসকলৰ মুখে মুখে। মুখ্যমন্ত্ৰীৰ উক্ত ভ্ৰমণ ইমানেই গোপন আছিল যে প্ৰথমাৱস্থাত কোনো সাংবাদিকে তাৰ খবৰ পোৱা নাছিল। সৰু-বৰ সকলো কামৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা মুখ্যমন্ত্ৰীয়ে উক্ত ভ্ৰমণৰ তথ্য গোপন কৰিলে কিয়? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰট’কল ভাঙি উদ্যোগপতিগৰাকীৰ ঘৰলৈ কিয় যাব লগা হ’ল? এই ভ্ৰমণৰ সৈতে নামনি অসমত স্থাপন কৰিবলগীয়া তাপবিদ্যুৎ প্ৰকল্প আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক জীৱনলৈ অহা ধুমুহাৰ কিবা সম্পৰ্ক আছে নেকি সেয়া মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰা উচিত। আনহাতে, প্ৰস্তাৱিত তাপবিদ্যুৎ প্ৰকল্পটো অনুমোদন দিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে নীতি নিয়ম উলংঘা কৰা বুলি উল্লেখ কৰিছে।
এডভান্টেজ আছাম ২.০ত আদানী গ্ৰুপে কৰা ঘোষণা অনুসৰি তেওঁলোকে অসমত কৰিব খোজা ৫০ হাজাৰ কোটি টকা বিনিয়োগৰ অংশ হিচাপে ২০ হাজাৰ কোটি টকাৰে উক্ত প্ৰকল্পটো আদানী গ্ৰুপে স্থাপন কৰিব খুজিছে। তাৰ বিৰোধিতা কৰাৰ প্ৰশ্ন নাহে, বৰং এইটো এটা ভাল পদক্ষেপ। কিন্তু তাকে কৰিবলৈ যাওঁতে ৰাজ্য চৰকাৰে খিলঞ্জীয়া জনসাধাৰণে বসতি কৰি থকা মাটি কিয় বাছি লৈছে? আনহাতে এই প্ৰকল্পটো অনুমোদন জনাওঁতে মাটি আবন্টনৰ পৰা আৰম্ভ কৰি সমগ্ৰ প্ৰক্ৰিয়াত ইমান খৰধৰ কৰিছে কিয়? কাৰণ পৰিৱেশ প্ৰভাৱ মূল্যায়ন আৰু ৰাজহুৱা জনশুনানি অনুষ্ঠিত নকৰাকৈ এনে প্ৰকল্প অনুমোদন কৰাটো বেআইনী।প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ঘৰলৈ গৌতম আদানী আৰু তেওঁৰ পুত্ৰ ২৮ ছেপ্টেম্বৰৰ দিনা আহিছিল। তাৰ পূৰ্বে গৌতম আদানীৰ পুত্ৰই ধুবুৰী আৰু কোকৰাঝাৰ জিলা ভ্ৰমণ কৰি যায়। এইবোৰ চলি থকাৰ মাজতে হঠাতে ৰাজ্য চৰকাৰে ৩১ অক্টোবৰৰ দিনা উক্ত ৩২০০ মেগাৱাট ক্ষমতা সম্পন্ন তাপ বিদ্যুৎ প্ৰকল্প স্থাপনৰ অনুমোদন দিয়ে। জুবিন গাৰ্গৰ ঘৰলৈ আহি আদানীয়ে অসমবাসীৰ মন জয় কৰিব খোজাৰ আঁৰত খিলঞ্জীয়া লোকৰ ৪৫০০ বিঘা মাটি সৰকোৱাৰ অংক জড়িত থকাটো দুৰ্ভাগ্যজনক। ৰাজ্যখনত শক্তি প্ৰকল্প স্থাপন হওক। আমি আদৰণি জনাইছোঁ আৰু জনাই যাম। কিন্তু খিলঞ্জীয়া লোকৰ ভূমি উচ্ছেদ কৰি নহয়। অসমৰ পৰিবেশতন্ত্ৰ বিনষ্ট নকৰাকৈ, অত্যাধুনিক প্ৰযুক্তিৰে আদানীয়ে আৰু প্ৰকল্প স্থাপন কৰক, আমি স্বাগতম জনাম। কিন্তু অসমবাসীক আন্ধাৰত ৰাখি নহয়। অসমৰ মুখ্যমন্ত্ৰীয়ে আদানীৰ ঘৰলৈ গৈ প্ৰকল্প অনুমোদনৰ পাছত কি আলোচনা কৰিলে সেয়া জনাৰ অধিকাৰ অসমবাসীৰ আছে। আদানিৰ প্ৰকল্পই ইতিমধ্যে বিহাৰ নিৰ্বাচন তোলপাৰ লগাই থকা সময়তে পোৱা তথ্য মতে ধুবুৰীত হোৱা উচ্ছেদিত ভূমিত স্থাপন হ’বলগীয়া আদানী পাৱাৰৰ ৩২০০ মেগাৱট শক্তিসম্পন্ন থাৰ্মেল পাৱাৰ প্ৰজেক্টটোৰ যোৱা এটা মাহতে সকলো অনুমোদন প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে। যোৱা ২৮ ছেপ্টেম্বৰত গৌতম আদানী অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ ল’বলৈ কাহিলীপাৰাৰ বাসগৃহত উপস্থিত হয়। ইয়াৰ পাছতে ৩ অক্টোবৰত এই প্ৰকল্পটোৰ নিবিদা প্ৰক্ৰিয়া সম্পন্ন হয় আৰু আদানী পাৱাৰে প্ৰকল্পটো নিবিদাযোগে লাভ কৰে। ১৫ অক্টোবৰত এপিডিচিএলৰ বৰ্ড মিটিঙযোগে যাৱতীয় অনুমোদন হয় প্ৰকল্পটোৰ। সেয়াই নহয়, ১৭ অক্টোবৰত ৰেগুলেটৰী কমিচনে প্ৰথম শুনানি গ্ৰহণ কৰি ২২ অক্টোবৰত আদানী পাৱাৰৰ প্ৰস্তাৱিত বিদ্যুৎ মূল্যত ছীল-মোহৰ মাৰি চূড়ান্ত ৰায়দান কৰে আৰু ২৫ অক্টোবৰত ৰেগুলেটৰী কমিচনৰ অধ্যক্ষ কুমাৰ সঞ্জয় কৃষ্ণই নিজ কাৰ্যকাল সমাপ্ত কৰি বিদায় লয়। সমগ্ৰ প্ৰক্ৰিয়াটোৰ ক্ৰ’ন’ল’জীটো মন কৰিবলগীয়া।
আমাৰ প্ৰশ্ন হ’ল সম্পূৰ্ণ এমাহ নলগাকৈয়ে ৩২০০ মেগাৱট শক্তিসম্পন্ন বিদ্যুৎ প্ৰকল্পৰ দৰে বৃহৎ প্ৰকল্প এটাৰ অনুমোদন কিয় কৰা হ’ল? তাকো থাৰ্মেল পাৱাৰ প্ৰজেক্ট? খৰখেদাকৈ কৰক, আমাৰ তাতো আপত্তি নাই, কিন্তু সমগ্ৰ অসমবাসীক অন্ধকাৰত ৰখা হৈছে কিয়? প্ৰকল্পটোৰ বাবে ৰাজহুৱা শুনানি, পৰিবেশতন্ত্ৰৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কীয় অধ্যয়ন আদি কেতিয়া কৰা হ’ল? এই প্ৰকল্পটোৰ Coal লিংকেজ লাভ কৰিছে নেকি? অসমত বন্ধৰ দিন এটাও কেবিনেটত অনুমোদন লৈ ঘোষণা কৰাৰ সময়ত, মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত উন্নয়নৰ গংগা বোৱাই অনা বাতৰি ঘন্টাই ঘন্টাই দি থকাৰ সময়ত বিকাশ আৰু বিনিয়োগৰ এই বৃহৎ খবৰ ৰাজহুৱা কৰাৰ পৰা কিয় বিৰত আছে আমি বুজি পোৱা নাই! নে গোপন ৰহস্য কিবা আছে? মুখ্যমন্ত্ৰীয়ে ইমান বৃহৎ উপহাৰ দি আদানীৰ বাসগৃহলৈ গৈ ফটো এখনো ৰাজহুৱা নকৰাতহে আমি আচৰিত হৈছোঁ।
