জনিয়াত ৩ লক্ষ্যাধিক টকাৰ সা-সামগ্ৰী চুৰি

179

জনিয়া বজাৰৰ ছুৰীয়া বেটাৰী ষ্টোৰ্চৰ পৰা চোৰে তলা ভাঙি ইনভাৰ্টাৰ ছয়টা, ইৰিক্সাৰ বেটাৰী চাৰিটা আৰু ষ্টেপলেজাৰ দুটাকৈ লুটি নিয়ে। মুঠ প্ৰায় তিনি লাখ টকাৰ সম্পত্তি চোৰে লুটি নিয়া বুলি দোকানৰ স্বত্বাধিকাৰী ৰফিকুল ইছলামে জানিবলৈ দিয়ে।

সম্প্ৰতি সমাজত অবাধে চলি থকা ড্ৰাগছ, ,আই পি এল জুৱা, তিৰ খেল চলি থকাৰ বাবেই এই চুৰিকাণ্ড সংঘটিত হোৱা বুলি মতপোষণ কৰে দোকানখনৰ স্বত্বাধিকাৰী ৰফিকুল ইছলামে।

আনকি বৰপেটা সদৰ থানাৰ পৰা পেট্ৰলিং নকৰা আৰু গাঁওৰক্ষী বাহিনী (ভিডিপি)ৰ নিষ্কৃয়তাৰ কাৰণে জনিয়া এলেকাত সঘনাই চুৰিকাণ্ড সংঘটিত হৈ আহিছে বুলিও কয়  দোকানী ৰফিকুল ইছলামৰ লগতে স্থানীয় ৰাইজে।