মণিপুৰৰ ইম্ফল পশ্চিম জিলাত বোমা বিস্ফোৰণৰ সৈতে জড়িত থকাৰ অভিযোগত আজি গ্ৰেপ্তাৰ কৰা হয় নিষিদ্ধ সংগঠন কেচিপি (অপুন্বা)ৰ তিনিগৰাকী সক্ৰিয় সদস্যক। যোৱা তিনিদিন পূৰ্বে ইম্ফল পশ্চিম জিলাৰ লিলোং চাজিং অঞ্চলত সংঘটিত এটা বোমা বিস্ফোৰণৰ তদন্তৰ অন্তত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ যুটীয়া অভিযানে উগ্ৰপন্থী কেইজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
অভিযুক্ত উগ্ৰপন্থী কেইজনৰ পৰা নিৰাপত্তাৰক্ষীয়ে এটা পিষ্টলৰ লগতে কেতবোৰ সজীৱ গুলী উদ্ধাৰ কৰিছে। ২০২৩ চনৰ মে’ মাহৰ পৰা চলি থকা গোষ্ঠীগত সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ মণিপুৰতে বৰ্তমান তীব্ৰ তালাচী অভিযান অব্যাহত ৰখা হৈছে। উল্লেখ্য যে, এই সুদীৰ্ঘ হিংসাত এতিয়ালৈকে ২৬০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।
