পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি ১৬, ১৭ আৰু ১৮ জানুৱাৰীত ৩ দিনীয়াকৈ জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত কৰিব ওলাইছে ঐতিহাসিক জোনবিল মেলা। পুনৰ বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ। ইতিহাস প্রসিদ্ধ জোনবিল মেলাৰ প্ৰস্তুতি ইতিমধ্যে তুংগত উঠিছে।
পাহাৰৰ মামা- মামীসকল পুনৰ এবছৰৰ পিছত ভৈয়ামলৈ নামি বিনিময় প্ৰথাৰ কৰিবলৈ সাজু হৈছে। পাহাৰত উৎপাদিত কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ কাৰ্বি আংলং আৰু মেঘালয়ৰ শতাধিক গাঁৱৰ পৰা মেলালৈ আহিব মামা- মামী। বিনিময় প্ৰথাৰ সমান্তৰালকৈ জোনবিলত চলিব কুকুৰা যুঁজ আৰু সমূহীয়া মাছধৰা পৰ্ব।
১৭ জানুৱাৰীত মেলাত অনুষ্ঠিত হ’বলগীয়া ৰাজ দৰবাৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই। মধ্য অসমৰ ২২ গৰাকীকৈ তিৱা ৰজাক তেওঁ ৰাজভাট্টা প্ৰদান কৰিব।