২০২৩ চনৰ ২৩ মে’ৰ পৰা বেংগালুৰুত দ্বিতীয় বাণিজ্য আৰু বিনিয়োগ কৰ্মী গোটৰ বৈঠক আৰম্ভ হয়, য’ত জি-২০ৰ সদস্য ৰাষ্ট্ৰ, আমন্ত্ৰিত, আঞ্চলিক গোট, আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ ৭৫ জনতকৈ অধিক প্ৰতিনিধি উপস্থিত থাকে।
প্ৰথম দিনাই প্ৰযুক্তিয়ে ব্যৱসায়ক পুনৰ গঢ় দিয়া আৰু অন্তৰ্ভুক্ত বৃদ্ধিৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ভূমিকা সম্পৰ্কে আলোচনাৰ বাবে এখন আলোচনা চক্ৰৰ আয়োজন কৰা হয়।বাণিজ্য বিভাগৰ সচিব সুনীল বৰথৱালে ই-কমাৰ্চৰ ওপৰত গুৰুত্ব আৰোপ কৰা আৰু অৰ্থনীতিৰ ডিজিটেলাইজেচনৰ প্ৰতি দায়বদ্ধ ভাৰতৰ বৈদেশিক বাণিজ্য নীতিৰ ওপৰত আলোকপাত কৰে।
জি-২০ৰ প্ৰতিনিধিসকলৰ বাবে এক সাংস্কৃতিক কাৰ্যসূচীও আয়োজন কৰা হয়।
