অহা ২৯ আগষ্টত অসম ভ্ৰমণলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। এই ভ্ৰমণত তেওঁ নৱনিৰ্মিত ৰাজভৱন উদ্বোধন কৰিব। শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তথ্য প্ৰদান কৰে।
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে নতুন ৰাজভৱন উদ্বোধন কৰাৰ পিছত এন ডি এৰ নৱনিৰ্বাচিত পঞ্চায়ত সদস্যসকলৰ অধিৱেশনত অংশগ্ৰহণ কৰিব, যিসকলক এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হব।
সন্ধিয়া তেওঁ নতুন দিল্লীলৈ যাত্ৰা কৰাৰ পূৰ্বে অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভণি কৰিব।
