চৰকাৰী ধন আৰু সামগ্ৰীৰ সুৰক্ষাক লৈ থকা বিয়াগোম ব্যৱস্থাৰ ফোঁপোলা স্বৰূপটো পুনৰবাৰ উদঙাই দি ছত্তীশগড়ত সংঘটিত হ’ল এক অদ্ভুত ঘটনা। ৰাজ্যখনৰ কবৰ্ধা জিলাৰ চৰকাৰী ভঁৰালৰ পৰা প্ৰায় ২৬ হাজাৰ কুইণ্টল ধান ৰহস্যজনকভাৱে অন্তৰ্ধান হোৱা কাৰ্যই এতিয়া দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ২০২৪-২৫ বৰ্ষত ন্যূনতম সমৰ্থন মূল্যত ক্ৰয় কৰা এই বিপুল পৰিমাণৰ ধানৰ কোনো শুংসূত্ৰ নোলোৱাত চৰকাৰী পক্ষই এক অদ্ভুত প্ৰতিৰক্ষামূলক স্থিতি গ্ৰহণ কৰিছে।
স্থানীয় সূত্ৰই জনোৱা অনুসৰি কবৰ্ধা জিলাৰ চাৰভাটা আৰু বঘৰা ধান সংগ্ৰহ কেন্দ্ৰৰ পৰা এই ধান চুৰি হোৱাৰ অভিযোগ উত্থাপন হয়। উক্ত বিত্তীয় বৰ্ষত মুঠ ৭ লক্ষ ৯৯ হাজাৰ কুইণ্টল ধান ক্ৰয় কৰা হৈছিল যদিও তাৰে ২৬ হাজাৰ কুইণ্টল ধানৰ কোনো হিচাপ পোৱা নগ’ল। কেৱল চাৰভাটা কেন্দ্ৰৰ পৰাই উধাও হৈছে ২২ হাজাৰ কুইণ্টল ধান, যাৰ বৰ্তমানৰ বজাৰ মূল্য প্ৰায় সাত কোটি টকা।
আশ্চৰ্যজনকভাৱে এই ঘটনা পোহৰলৈ অহাৰ লগে লগে চৰকাৰী বিষয়াসকলে দাবী কৰিছে যে এই ধান কোনো মানুহে চুৰি কৰা নাই, বৰঞ্চ নিগনি আৰু উঁই পোকেহে ধানখিনি খাই শেষ কৰিছে। জিলাখনৰ এজন জ্যেষ্ঠ বিষয়া অভিষেক মিশ্ৰই জানিবলৈ দিয়া মতে চৰকাৰী ভঁৰালসমূহৰ অৱস্থা অতি শোচনীয় আৰু তাত নিগনি তথা পোক-পৰুৱাৰ প্ৰচণ্ড উপদ্ৰৱ চলিছে। ইয়াৰ উপৰি প্ৰতিকূল বতৰৰ বাবেও কিছু ধান নষ্ট হোৱা বুলি তেওঁ দাবী কৰে।
এই ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যখনত এতিয়া ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাইছে। বিৰোধী কংগ্ৰেছে চৰকাৰৰ এই যুক্তিক তীব্ৰ সমালোচনা কৰি কয় যে প্ৰশাসনৰ গাফিলতিৰ বাবেই ইমান ডাঙৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। আনকি কংগ্ৰেছ কৰ্মীসকলে নিগনি ধৰা সজুলি লৈ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে আৰু এই সমগ্ৰ কেলেংকাৰীৰ এক উচ্চস্তৰীয় তদন্তৰ দাবী উত্থাপন কৰিছে।
