আহমেদাবাদৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসা অধীক্ষক ৰাকেশ যোশীয়ে কয় যে এয়াৰ ইণ্ডিয়া-১৭১ বিমান দুৰ্ঘটনাত নিহত ২৬০ জন লোকৰ মৃতদেহ তেওঁলোকৰ পৰিয়ালৰ হাতত গতাই দিয়া হৈছে। ডি এন এ মেচিঙৰ জৰিয়তে ২৫৪ জন লোকক চিনাক্ত কৰাৰ বিপৰীতে ৬ জন লোকক মুখ চিনাক্তকৰণৰ জৰিয়তে চিনাক্ত কৰা হৈছে। ৰাকেশ যোশীয়ে এক সাক্ষাৎকাৰত কয়-মই ক’ব পাৰো যে মুঠ ২৫৪টা ডি এন এ মেচ কৰা হৈছিল, সকলো চিনাক্ত কৰি গতাই দিয়া হৈছিল। ৬টা মুখ চিনাক্তকৰণৰ জৰিয়তে চিনাক্ত কৰা হৈছিল আৰু সেই অনুসৰি মৃতদেহ গতাই দিয়া হয়। এইদৰে মুঠ ২৬০টা মৃতদেহ চিনাক্ত কৰি পৰিয়ালৰ সদস্যক গতাই দিয়া হৈছিল। তেওঁ জনোৱা মতে, গতাই দিয়া ২৬০টা মৃতদেহৰ ভিতৰত ২৪১টা যাত্ৰীৰ বিপৰীতে ১৯টা অযাত্ৰী।
এই ২৪১ জন যাত্ৰীৰ ভিতৰত ১৮১ জন ভাৰতীয়, ৫২ জন ব্ৰিটিছ, ৭ জন পৰ্তুগীজ আৰু এজন কানাডিয়ান আছিল। ৰাকেশ যোশীয়ে আৰু কয় যে এইটো এটা প্ৰত্যাহ্বানমূলক কাম আছিল যদিও স্বাস্থ্য বিভাগ আৰু আৰক্ষীয়ে মিলি ১৩ দিনৰ ভিতৰতে কামটো সম্পূৰ্ণ কৰিলে। তেওঁ কয়- এয়া অতি কঠিন কাম আছিল আৰু মই ইয়াক চম্ভালিলোঁ বুলি ক’ব নোৱাৰো। ই আছিল এক বৃহৎ দলীয় কাম। আমি আমাৰ জ্যেষ্ঠ আৰু প্ৰশাসকৰ সহায় আৰু পথ প্ৰদৰ্শন পাইছিলো। কেৱল স্বাস্থ্য বিভাগেই নহয়, আৰক্ষী বিভাগে নহয়, নিগম, সকলোৱে কাম কৰিছিল। এই প্ৰত্যাহ্বানমূলক পৰিস্থিতি বা দুৰ্যোগৰ বাবে সকলো বিভাগে সামূহিকভাৱে কাম কৰিছিল।
শেষত ১৩ দিনৰ ভিতৰতে সকলো কাম সম্পূৰ্ণ হৈছিল। উল্লেখ্য যে যোৱা ১২ জুনত লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়া বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ বিমানে চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পিছতে গুজৰাটৰ আহমেদাবাদৰ বি জে মেডিকেল কলেজৰ হোষ্টেল চৌহদত দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীকে ধৰি বিমানখনত থকা ২৪২ জন লোকৰ ভিতৰত ২৪১ জন লোকৰ মৃত্যু হয়। বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰোৱে এই দুৰ্ঘটনাটোৰ তদন্তৰ নেতৃত্ব দিছে আৰু নতুন দিল্লীত থকা এয়াৰ ইণ্ডিয়াৰ বিমান এ এল-১৭১ৰ ব্লেক বক্সৰ পৰা উদ্ধাৰ হোৱা তথ্যসমূহ পুংখানুপুংখভাৱে বিশ্লেষণ কৰি আছে।
