560

বলীউদৰ সুদৰ্শন অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা

ষ্টাফৰিপৰ্টাৰ, ১৪ জুন :বলীউদৰ সুদৰ্শন অভিনেতা সুশান্ত সিং ৰাজপুতে দেওবাৰে আত্মহত্যা কৰা ঘটনাই জোকাৰি গৈছে বলিউড। মুম্বাইৰ বান্দ্ৰাস্থিত নিজৰ ঘৰতে চিপ লোৱা অৱস্থাত অভিনেতাজনৰ নিথৰ দেহ উদ্ধাৰ হয়। এম এছ ধোনী ছবিত অভিনয়ৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছিল অভিনেতাজন।কিছুদিন পূৰ্বে নিজৰ মাতৃক মনত পেলাই অভিনেতাজনে ছচিয়েল মিডিয়াত এটা আৱেগিক পোষ্ট দিছিল।অভিনেতাজনৰ আত্মহত্যাৰ পাছতেই এতিয়া তেওঁৰ অনুৰাগীসকলে শোক প্ৰকাশ কৰিছে।কিন্তু কি কাৰণে অভিনেতাজনে আত্মহত্যাৰ পথ বাচি ল’লে তাৰ কাৰণ এতিয়ালৈকে জানিব পৰা নাই।ইফালে কিছুদিন পূৰ্বে সুশান্তৰ প্ৰাক্তন মেনেজাৰ দিশা চেলিয়ানেও এটা অট্টালিকাৰ ১৪ মহলাৰ ওপৰৰ পৰা জঁপিয়াই প্ৰাণ দিছিল। ৰূপালী পৰ্দাৰ ধাৰাবাহিক “পবিত্ৰ ৰিষ্টা”ৰ জৰিয়তে অভিনেতা গৰাকীয়ে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। তদুপৰি “চিচোৰে” চলচ্চিত্ৰ খনৰ জৰিয়তে সমাজলৈ আত্মহত্যাৰ দৰে পথ লোৱাৰ পৰা বিৰত থকাৰ এক সুন্দৰ বাৰ্তা দিছিল। মাত্ৰ ৩৪ বছৰ বয়সতে জীৱন নাটৰ ইনিংছ সামৰণি পৰে এম এছ ধোনী চলচ্চিত্ৰৰ বাবে বিখ্যাত হৈ পৰা সুশান্ত সিং ৰাজপুত্ৰৰ।

সুশান্তসিংৰাজপুতৰডায়েৰীৰঅসম্পূৰ্ণ৫০টিসপোন……..

১।ডকুমেন্টৰি ফিল্ম বনোৱা,
২।ট্রেইনত ইউৰোপ ফুৰা,
৩।ফটোগ্রাফী কৰা,
৪।প্লেন চলোৱা শিকা, ৰ লগতে আৰু বহুটো।।।তাৰ ভিতৰত অন্যতম উল্লেখনীয় আছিল #দেশজুৰিফ্রীএডুকেশন গঢ়ি তোলাৰ বাবে কাম কৰা। য’ত ভাৰতবর্ষৰ সকলো ছাত্র ছাত্রী সম্পূর্ণ বিনামূল্যে শিক্ষাৰ অধিকাৰ পাই।।

উল্লেখ বলিউডৰ জনপ্ৰিয় অভিনেতা জন কিছুদিন ধৰি ডিপ্ৰেছনত ভুগি আছিল।