ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া – জোৱান সকলৰ সংগঠন “চানফেষ্ট”ৰ ২০সংখ্যক প্ৰতিষ্ঠা দিৱস ১৫ জুনত দিনজোৰা কাৰ্যসূচীৰে সংগঠনটোৰ মহানগৰীৰ পাঞ্জাবাৰীস্থিত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত ৯২গৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়া – জোৱানৰ লগতে মৃত সেনাৰ ৪১গৰাকী পত্নীও উপস্থিত আছিল । উল্লেখ্য যে, প্ৰাক্তন সেনাৰ এই সংগঠনটোৱে অৰ্থনৈতিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে এটি কম্পিউটাৰ শিক্ষা প্ৰতিষ্ঠান চলাই আছে।
লগতে, অৱসৰপ্ৰাপ্ত সেনাৰ বিধৱা পত্নীৰ পৰিয়াল পেঞ্চন লাভ আৰু অন্যান্য সমস্যাৰ ক্ষেত্ৰত সহায়-সহযোগ কৰি আহিছে ৷ আনহাতে প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানটোত কামৰূপ মহানগৰ জিলা সৈনিক ব’ৰ্ডৰ জিলা সৈনিক কল্যাণ বিষয়া কৰ্ণেল (অৱসৰপ্ৰাপ্ত ) পদ্মলোচন বৰ্মনে ভাগ লৈ ভাষণ প্ৰসংগত প্ৰাক্তন সেনা বিষয়া – জোৱানৰ লগতে পৰিয়ালৰ কল্যাণৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি সমুহৰ ওপৰত আলোকপাত কৰে।
অনুষ্ঠানত সংগঠনটোৰ কম্পিউটাৰ প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে সংগীত আৰু নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে। অনুষ্ঠানৰ আৰম্ভণিতে উপস্থিত সকলোকে আদৰণি জনায় অৱসৰপ্ৰাপ্ত কৰ্ণেল বিজয় সিংহই ৷ ইয়াৰ উপৰিও অনুষ্ঠানত সংগঠনৰ সভাপতি নায়ক চুবেদাৰ ( অৱসৰপ্ৰাপ্ত ) এন আই লস্কৰে চমু ভাষণত অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলা বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে । অনুষ্ঠানত লক্ষী বড়োক বঁটা প্ৰদান কৰাৰ লগতে কম্পিউটাৰ প্ৰতিষ্ঠানৰ ছাত্ৰী কল্পনা দাসক ২০২৫বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ছাত্ৰীৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰা হয়।
