২০২৫ বৰ্ষটো উত্থান- পতনৰ অন্তত ২০২৬ চনত ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ আগন্তুক সময়সূচী অতি ব্যস্ত হ’ব। এই বছৰৰ আটাইতকৈ জনপ্ৰিয় হ’ব ঘৰুৱা খেলপথাৰত টি-২০ বিশ্বকাপ ৰক্ষা কৰাৰ প্ৰত্যাহ্বান, বৃহৎ সংখ্যক এদিনীয়া খেল, আৰু বিদেশৰ মাটিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি)ৰ কঠিন পৰীক্ষা। ২০২৫ বৰ্ষটো ভাৰতৰ বাবে স্মৰণীয় বৰ্ষ আছিল। তাৰকা প্ৰদৰ্শনেৰে ডুবাইত চেম্পিয়নছ ট্ৰফী জয় কৰা টিম ইণ্ডিয়াই চাৰিজন স্পিনাৰ কৌশল অতি সফল বুলি প্ৰমাণিত হয়। টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ভাৰতৰ অগ্ৰগতি অব্যাহত থাকিল, দলটোৱে দেশ-বিদেশত দ্বিপাক্ষিক শৃংখলা জয় কৰাৰ লগতে এছিয়া কাপতো জয়লাভ কৰে। অৱশ্যে টি-২০ বিশ্বকাপত এতিয়াও জয়ী হোৱা নাই।ভাৰতৰ টেষ্ট প্ৰদৰ্শন মিশ্ৰিত আছিল। ছিডনীত অষ্ট্ৰেলিয়াৰ হাতত পৰাজয়ৰ লগে লগে ভাৰতে বোৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ছিৰিজত ৩-১ত পৰাস্ত হৈ ডব্লিউ টি চিৰ ফাইনেলত প্ৰৱেশৰ আশাৰ অন্ত পৰে। ইফালে, বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু চেতেশ্বৰ পূজাৰাই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰি দলটোৰ এক বৃহৎ পৰিৱৰ্তনৰ সূচনা কৰে। শুভমন গিলক নতুন টেষ্ট অধিনায়ক হিচাপে নিযুক্তি দিয়া হয় আৰু পিছত এদিনীয়া দলৰ দায়িত্বও লয়।
ইংলেণ্ডত ২-২ ত শৃংখলা ড্ৰ’ৰ অন্তত ঘৰুৱা ক্ষেত্ৰত ৱেষ্ট ইণ্ডিজক ২-০ত পৰাস্ত কৰে ভাৰতে। কিন্তু নিউজিলেণ্ডৰ হাতত ৩-০ ত পৰাজয়ৰ স্মৃতিবোৰ সজীৱ হৈ উঠিল যেতিয়া দক্ষিণ আফ্ৰিকাই ভাৰতক ২-০ত পৰাস্ত কৰে। ২০২৬ চনত ভাৰতৰ প্ৰধান গুৰুত্ব টি-২০ ক্ৰিকেটত হ’ব, আনহাতে টি-২০ বিশ্বকাপৰ পিছত এদিনীয়া ফৰ্মেটত গুৰুত্ব বৃদ্ধি পাব। নিউজিলেণ্ডে বছৰৰ আৰম্ভণিতে তিনিখন এদিনীয়া আৰু পাঁচখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচৰ বাবে ভাৰত ভ্ৰমণ কৰিব। ইয়াৰ পিছতে ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈ ভাৰত আৰু শ্ৰীলংকাই আয়োজন কৰা টি-২০ বিশ্বকাপ অনুষ্ঠিত হ’ব।সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত ভাৰতে ডিফেণ্ডিং চেম্পিয়ন হিচাপে এই প্ৰতিযোগিতাত প্ৰৱেশ কৰিব। বৰ্তমানৰ ফৰ্ম আৰু খেলুৱৈৰ উপলব্ধতাৰ পৰিপ্ৰেক্ষিতত টিম ইণ্ডিয়াই খিতাপ ৰক্ষাৰ এক সোণালী সুযোগ লাভ কৰিছে। ভাৰত সফল হ’লে ঘৰুৱা মাটিত টি-২০ বিশ্বকাপ জয় কৰা প্ৰথমটো দল আৰু সামগ্ৰিকভাৱে তিনিটা খিতাপ দখল কৰা একমাত্ৰ দল হিচাপে পৰিগণিত হ’ব। টি-২০ বিশ্বকাপ আৰু আই পি এল ২০২৬ৰ পিছত জুন মাহত আফগানিস্তানে ভাৰতলৈ যাত্ৰা কৰি এখন টেষ্ট (ডব্লিউ টি চি চক্ৰৰ বাহিৰত) আৰু তিনিখন এদিনীয়া খেলিব। ইয়াৰ পিছতে ভাৰতে জুলাই মাহত ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন এদিনীয়া আৰু ৫খন টি-২০ মেচৰ হোৱাইট বল ছিৰিজ খেলিব। ডব্লিউ টি চি ২০২৬ৰ অধীনত ভাৰতৰ টেষ্ট অভিযান আগষ্ট মাহত শ্ৰীলংকা ভ্ৰমণৰ জৰিয়তে আৰম্ভ হ’ব, য’ত দুখন টেষ্ট মেচ অনুষ্ঠিত হ’ব।
এই ভ্ৰমণ বিশেষভাৱে গুৰুত্বপূৰ্ণ হ’ব, কিয়নো স্পিন ফ্ৰেণ্ডলী পিটছত স্পিন বলাৰৰ বিৰুদ্ধে ভাৰতৰ প্ৰদৰ্শন এতিয়ালৈকে চিন্তাৰ বিষয় হৈ পৰিছে।ছেপ্টেম্বৰ মাহত ইউ এ ইত আফগানিস্তানৰ বিৰুদ্ধে তিনিখন মেচৰ টি-২০ শৃংখলাৰ সম্ভাৱনা আছে। বাংলাদেশ ভ্ৰমণক লৈ অনিশ্চয়তা অব্যাহত আছে, কিয়নো তাত বৰ্তমানৰ পৰিস্থিতিৰ বাবে ভ্ৰমণ পিছুৱাই দিয়া হ’ব পাৰে। ১৯ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছৰ টি-২০ত অংশগ্ৰহণ কৰিব পাৰে ভাৰতৰ দ্বিতীয় ষ্ট্ৰিং দলটোৱে। ভাৰতৰ ঘৰুৱা ছিজন আৰম্ভ হ’ব ছেপ্টেম্বৰ-অক্টোবৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনিখন এদিনীয়া আৰু ৫খন টি-২০ মেচেৰে। ইয়াৰ পিছত দলটোৱে অক্টোবৰ-নৱেম্বৰ মাহত নিউজিলেণ্ডৰ প্ৰত্যাহ্বানমূলক বিদেশ ভ্ৰমণত নামিব, য’ত দুখন টেষ্ট, তিনিখন এদিনীয়া, আৰু পাঁচখন টি-২০ খেল অনুষ্ঠিত হ’ব। বছৰৰ শেষৰ ফালে ডিচেম্বৰ মাহত ভাৰতে শ্ৰীলংকাক আতিথ্য প্ৰদান কৰিব, য’ত তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ মেচ অনুষ্ঠিত হ’ব। ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতিৰ বাবে এই শৃংখলাটো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।
