দুবাৰৰ অলিম্পিক পদক বিজয়ী তাৰকা বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুৱে ইউৰোপীয় লেগৰ পূৰ্বে ভৰিৰ আঘাতৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ ২০২৫ চনৰ ছিজনৰ বাকী থকা বি ডব্লিউ এফ ট্যুৰৰ ইভেণ্টসমূহৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছে। হায়দৰাবাদৰ ৩০ বছৰীয়া শ্বাটলাৰগৰাকীয়ে কয় যে তেওঁৰ সহায়কাৰী দল আৰু প্ৰখ্যাত ক্ৰীড়া অস্থিৰোগ বিশেষজ্ঞ ডাঃ দিনশ্ব’ পাৰ্দিৱালাকে ধৰি চিকিৎসা বিশেষজ্ঞৰ সৈতে পৰামৰ্শ কৰি এই সিদ্ধান্ত লোৱা হৈছে।
সোমবাৰে সিন্ধুৱে এক বিবৃতিত কয় যে মোৰ দলৰ সৈতে আলোচনা আৰু ডাঃ পাৰ্দিৱালাৰ সৈতে পৰামৰ্শ কৰাৰ পিছত আমি অনুভৱ কৰিলোঁ যে ২০২৫ চনত বাকী থকা সকলো বি ডব্লিউ এফ ট্যুৰৰ ইভেণ্টৰ পৰা মোৰ বাবে আঁতৰি যোৱাটোৱেই উত্তম হ’ব। ইউৰোপীয় লেগৰ আগতে মোৰ ভৰিৰ আঘাত এতিয়াও সম্পূৰ্ণৰূপে ভাল হোৱা নাই। আঘাত যিকোনো খেলুৱৈৰ কেৰিয়াৰৰ এক গুৰুত্বপূৰ্ণ অংশ, যদিও ইয়াক গ্ৰহণ কৰাটো সহজ নহয়।
এনে পৰিস্থিতিয়ে ধৈৰ্য্য পৰীক্ষা কৰে আৰু নিজক শক্তিশালীভাৱে উভতি আহিবলৈ প্ৰেৰণা দিয়ে। যোৱা বছৰ পেৰিছ অলিম্পিকৰ পৰা আগতীয়াকৈ বাহিৰ হোৱাৰ পিছত সিন্ধুৰ বছৰটো হতাশজনক। কেইবাখনো টুৰ্ণামেণ্টৰ প্ৰথম ৰাউণ্ডত বাহিৰ হোৱাৰ লগতে এটাও খিতাপ জয় কৰিবলৈ ব্যৰ্থ হৈছে।
