2021-Assembly-Election : মমতাৰ দুৰ্গত বিজেপিৰ প্ৰতিশ্ৰুতিৰ জোৱাৰ, প্ৰথম দিনটোতেই বলবৎ কৰা হ’ব CAA, প্ৰতিবছৰে শৰণাৰ্থী পৰিয়ালক দিয়া হ’ব ১০ হাজাৰকৈ টকা!

63

বিজেপিৰ এই ইস্তাহাৰত মহিলা আৰু যুৱতীসকলৰ বাবেও বহু আঁচনি ৰখা হৈছে। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে বিনামূলীয়া শিক্ষা আঁচনি, যাৰ নাম ৰখা হৈছে “কেজি টু পিজি”।

দেশৰ আন চাৰিখন ৰাজ্যৰ লগতে পশ্চিম বংগ (West Bengal)তো বাজিছে নিৰ্বাচনী ৰণডংকা৷ বিধানসভা নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলে অব্যাহত ৰাখিছে ভোটাৰক আকৰ্ষণৰ ৰণনীতি৷

ভোটাৰক আকৰ্ষণৰ বাবেই দেওবাৰে কৌশলী নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিলে বিজেপি (BJP)য়ে৷ য’ত মহিলা সবলীকৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ প্ৰদান কৰাৰ লগতে পিছপৰা আৰু জনজাতীয় লোকসকলৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে।

‘সংকল্প পত্ৰ’ বুলি কোৱা এই নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী আমিত শ্বাহে (Amit Shah)৷ এই কৌশলী ইস্তাহাৰৰ দ্বাৰা ৰাজ্যখনৰ ৰাজনীতিক বেলেগ দিশলৈ লৈ যোৱাৰ লগতে ইস্তাহাৰ মুকলিৰ সময়ছোৱাত কলকাতাৰ শাসনত পৰিৱৰ্তন অহাৰ এক দৃঢ় বিশ্বাস দেখিবলৈ পোৱা বিজেপিৰ নেতৃত্বৰ মাজত।

পিছে কি আছে বিজেপিৰ এই নিৰ্বাচনী ইস্তাহাৰত?

দৰাচলতে প্ৰথমেই বিজেপিৰ এই নিৰ্বাচনী ইস্তাহাৰত কোৱা হৈছে যে, দায়িত্ব গ্ৰহণ কৰাৰ লগে লগেই শৰণাৰ্থীৰ নাগৰিকত্ব প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে। নিৰ্বাচনী ইস্তাহাৰ মুকলি অনুষ্ঠানতেই এই সম্পৰ্কে কেন্দ্ৰীয় গৃহ মন্ত্ৰী আমিত শ্বাহে কয়, “শৰণাৰ্থীসকলে ১৯৭০ৰ পৰাই ইয়াত বাস কৰি আছে আৰু নাগৰিকত্ব নোপোৱাৰ বাবে তেওঁলোক দুখী। সেয়েহে আমি প্ৰথম কেবিনেট বৈঠকতেই নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ CAA ৰূপায়ণ কৰিম আৰু তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰিম।”

ইপিনে, বিজেপিৰ এই ইস্তাহাৰত মহিলা আৰু যুৱতীসকলৰ বাবেও বহু আঁচনি ৰখা হৈছে। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে বিনামূলীয়া শিক্ষা আঁচনি, যাৰ নাম ৰখা হৈছে “কেজি টু পিজি”। লগতে পিছপৰা জনজাতিৰ ছোৱালীসকলৰ কল্যাণৰ বাবেও ৰখা হৈছে বিশেষ সুবিধা৷

ইস্তাহাৰত মাহিস্যা, তেলী আৰু আন হিন্দু অ’বিচি সকলক অ’বিচি সংৰক্ষণৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে। স্বাস্থ্য সেৱাৰ দিশত, দলটোৱে উত্তৰ বংগ, জংগলমহল আৰু সুন্দৰবনত তিনিখনকৈ নতুন এইমছ নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিৰ বাবে ১০ হাজাৰ কোটি টকাৰ পুঁজিৰ প্ৰস্তাৱো ৰখা হৈছে।

বিকাশৰ লগতে ইস্তাহাৰত কলা আৰু সংস্কৃতিৰ দিশটোও এৰি দিয়া নাই বিজেপিয়ে, যি সদায় বঙালীসকলৰ মনত দৃঢ়ভাৱে প্ৰতিহত হৈ আহিছে। ন’বেল বঁটাৰ লেখীয়া মৰ্যাদাসম্পন্ন এটা “টেগোৰ বঁটা” আৰু অস্কাৰৰ লেখিয়াকৈ “সত্যজিত ৰায় বঁটা” প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া হয়। জয়ী হ’লে দলটোৱে ইউনেস্কো হেৰিটেজ চিটি টেগ লাভ কৰিবলৈ কলকাতাৰ বাবে ৫০০ কোটি টকা বেলেগকৈ ৰখাৰো প্ৰতিশ্ৰুতি দিয়া হয়।

শৰণাৰ্থীৰ নাগৰিকত্ব প্ৰদান কৰাৰ লগতে অনুপ্ৰৱেশৰ প্ৰতি শূন্য সহনশীলৰ নীতিৰ ওপৰত গুৰুত্ব দি দেওবাৰৰ অমিত শ্বাহে ভাষণত কয় যে, শৰণাৰ্থীসকলৰ বাবে এটা বিশেষ পুঁজি সৃষ্টি কৰা হ’ব, যাৰ পৰা প্ৰতিটো পৰিয়ালক প্ৰতি বছৰে নাগৰিকত্ব লাভৰ পিছত ১০ হাজাৰকৈ টকা প্ৰদান কৰা হ’ব। ইয়াৰ বাবে ১০০ কোটি টকাৰ পুঁজি ঘোষণা ৰখা হৈছে।আনহাতে “কেজি টু পিজি” আঁচনিৰ বিষয়ে তেওঁ কয় যে মেধাৱী ছোৱালীসকলক বিত্তীয় সহায় প্ৰদান কৰাৰ বাবে ৫০০ কোটি টকাৰ পুঁজি থাকিব। ইয়াৰ উপৰিও কন্যা সন্তান থকা পৰিয়ালৰ বাবে ৫০ হাজাৰ টকাৰ বিশেষ বন্ধন আৰু অৰ্থনৈতিকভাৱে দুৰ্বল আৰু পিছপৰা জনজাতিৰ শ্ৰেণীৰ ছোৱালীৰ বাবে তেওঁলোকৰ বিয়াৰ সময়ত ১ লাখ টকা প্ৰদানৰ ঘোষণা কৰা হৈছে। লগতে ইস্তাহাৰত মহিলা আৰু ছোৱালীসকলক “বিনামূলীয়া ৰাজহুৱা পৰিবহন” ব্যৱস্থা কৰাৰ উল্লেখ কৰা হৈছে।

৯টা অনুসূচিত জনজাতি সম্প্ৰদায়ৰ বাবে নিৰ্দিষ্ট উন্নয়ন ব’ৰ্ড স্থাপন কৰাৰ উপৰি ইস্তাহাৰত মাতুয়া, ৰাজবংশী, বাউৰী আৰু বাগদি উন্নয়ন ব’ৰ্ডলৈ পুঁজি বৃদ্ধি কৰাৰ কথা উল্লেখ কৰা হৈছে। শিপিনী, কাঠমিস্ত্ৰী আৰু টেনাৰসকলক অনুপ্ৰেৰিত কৰিবলৈ ১ হাজাৰ কোটি টকাৰ পুঁজিও ঘোষণা কৰে শ্বাহে। জনজাতীয় আধিপত্য থকা ব্লকৰ বাবে শ্বাহে এমজিএনৰেগা আঁচনিৰ অধীনত ২০০ দিনৰ কাম ঘোষণা কৰে। চাহ বাগিচাৰ শ্ৰমিকসকলৰ মজুৰি প্ৰতিদিনে বৰ্তমানৰ ১৭৬ টকাৰ পৰা ৩৫০ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ ৰখাৰো ঘোষণা কৰে শ্বাহে।

এইবোৰৰ ওপৰি শ্বাহে কয়, পশ্চিম বংগক বিনিয়োগৰ গন্তব্যস্থান হিচাপে প্ৰচাৰ কৰিবলৈ আমি এটা সোণাৰ বাংলা অৰ্থনৈতিক পুনৰুজ্জীৱিত টাস্ক ফ’ৰ্চ আৰু বন্ধ ঔদ্যোগিক গোটবোৰ পুনৰুজ্জীৱিত কৰাৰ বাবে নতুন ঔদ্যোগিক নীতি প্ৰস্তুত কৰিম।”

ইস্তাহাৰত ঘৰুৱা ব্যৱহাৰৰ বাবে ২০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ প্ৰদানৰো ঘোষণা কৰা হয় আৰু ১০খন চহৰত আন্তঃগাঁথনি বিকাশৰ বাবে পাঁচ বছৰত ব্যয় কৰিব পৰা ৩০ হাজাৰ কোটি টকাৰো পুঁজিৰো প্ৰস্তাৱ দিয়া হৈছে। কলকাতাক “ভৱিষ্যতৰ চহৰ” লৈ ৰূপান্তৰিত কৰাৰ বাবে ২২ হাজাৰ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। এই সম্পৰ্কত গৃহমন্ত্ৰীয়ে কয়, “এই দৃশ্য আপোনাৰ বাবে অদ্ভুত হ’ব পাৰে, কিন্তু আমি তাৰ বাবে এক বিতং অনুমান কৰিছো। এই আঁচনিবোৰৰ সৈতে যুটীয়াভাৱে পথৰ বিকাশৰ বাবে পাঁচ বছৰত ১ লাখ কোটি টকা ব্যয় কৰা হ’ব বুলি উল্লেখ কৰা হয় ইস্তাহাৰত৷

ৰাজ্যখনত সততে “বাহিৰৰ” বুলি কৈ অহা বিজেপিয়ে ভোটাৰক আকৰ্ষণৰ বাবে ইস্তাহাৰত বিদ্যালয়ত মাধ্যম নিৰ্বিশেষে প্ৰথমৰ পৰা দশম শ্ৰেণীলৈ বাংলা আৰু স্থানীয় ভাষা বাধ্যতামূলক কৰাৰো প্ৰস্তাৱ ৰাখিছে। লগতে বাঙালীক ৰাষ্ট্ৰসংঘৰ অন্যতম চৰকাৰী ভাষা কৰাৰো প্ৰস্তাৱ ৰখা হৈছে।

ইপিনে অন্নপূৰ্ণা কেণ্টিনৰ প্ৰস্তাৱ ৰখা হৈছে, য’ত সকলোকে ৫ টকাত আহাৰ প্ৰদান কৰা হ’ব।

এই সকলোবোৰৰ ওপৰি তিনি কৃষি আইন বিৰোধিতাৰে কৃষক গোটৰ দ্বাৰা দেশজুৰি “বিজেপিক ভোট নিদিয়া” অভিযানলৈ দৃষ্টি ৰাখি বিজেপিয়ে কৃষকসকলক বহুতো আঁচনিৰ জৰিয়তে আকৰ্ষিত কৰাৰ চেষ্টা কৰিছে৷ কৃষিখণ্ডকে আদি কৰি মাছমৰীয়া
আৰু গাখীৰৰ ব্যৱসায়ৰ বাবেও কোটি টকা ৰখা হৈছে৷

এনেদৰে তৃণমূল কংগ্ৰেছ তথা মমতাৰ দুৰ্গ পশ্চিমবংগ নিজৰ দখললৈ অনাৰ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে বিজেপিয়ে৷