ডেৰশ বছৰীয়া জয়ন্তীত বতৰ বিজ্ঞান বিভাগৰ ক্ৰীড়া প্ৰতিযোগিতা

39

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ডেৰশ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি ক্ৰীড়াৰ জৰিয়তে কৰ্মচাৰীৰ ব্যক্তিত্বৰ বিকাশ,  মানসিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে মহাৰাষ্ট্ৰৰ পুণেত ১৭ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ আৰম্ভ হৈছে  চতুৰ্দশ সংখ্যক ক্ৰীড়া প্ৰতিযোগিতা I

এই  প্রতিযোগিতাত  ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ছয়টা আঞ্চলিক কেন্দ্র যথাক্ৰমে – গুৱাহাটী ,  চেন্নাই, দিল্লী , কলকাতা, মুম্বাই আৰু নাগপুৰৰ বিভিন্ন  প্রতিযোগিয়ে ভাগ লোৱাৰ উপৰিও  ভাৰত সৰকাৰৰ  পৃথিৱী বিজ্ঞান বিভাগ , বিজ্ঞান আৰু প্রযুক্তি বিভাগ, জৰীপ বিভাগ, বিজ্ঞান শিক্ষা আৰু গৱেষণা বিভাগ আৰু বৈজ্ঞানীক আৰু উদ্যোগিক গৱেষণা পৰিষদৰ কৰ্মচাৰীয়েও ভাগ লৈছেI

প্ৰতিযোগিতাৰ পুৰুষ আৰু মহিলা উভয় শাখাতে কেৰম, ভলীবল, টেবুল টেনিচ , ক্ৰিকেট আৰু বেডমিণ্টন  খেল অনুষ্ঠিত। হৈছে I দেশৰ বিভিন্ন প্রান্তৰ পৰা  সৰ্বমুঠ  ৫০০ প্রতিযোগিয়ে ভাগ লোৱা প্রতিযোগিতাখনত আজাৰাৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ , গুৱাহাটীৰ  পৰা দল পৰিচালক ধ্ৰুৱ দাসৰ ৩০  জন প্রতিযোগিয়ে ভাগ লৈছে I