অহা ১৫ ফেব্ৰুৱাৰীত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ।সোমবাৰে নিশা পাকিস্তান চৰকাৰে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা নিশ্চিত কৰিছে। তেওঁলোকে উল্লেখ কৰিছে যে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ ডিছানায়াকে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক ফোন কৰি ভাৰতৰ বিৰুদ্ধে খেলখন খেলিবলৈ আহ্বান জনায়। তদুপৰি বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ সভাপতি আমিনুল ইছলামেও পাকিস্তান ক্ৰিকেট ব’ৰ্ডক মেচ খেলিবলৈ পৰামৰ্শ দিয়ে। দৰাচলতে পাকিস্তানে টি-২০ বিশ্বকাপৰ পৰা বাংলাদেশক বাদ পৰাৰ প্ৰতিবাদত ১ ফেব্ৰুৱাৰীত ভাৰতৰ বিৰুদ্ধে খেলখন বৰ্জন কৰাৰ কথা ঘোষণা কৰিছিল। অৱশ্যে প্ৰতিযোগিতাখনৰ বাকী থকা মেচসমূহ খেলিবলৈ সন্মত হৈছিল। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰ কুমাৰ দিছানায়কে টেলিফোনিক বাৰ্তালাপ কৰে। ভাৰত-পাকিস্তানৰ প্ৰস্তাৱিত খেলখন শ্ৰীলংকাত অনুষ্ঠিত কৰিবলৈ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে অনুৰোধ জনায়। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে যে সন্ত্ৰাসবাদৰ কঠিন সময়ত পাকিস্তানক শ্ৰীলংকাৰ ক্ৰিকেটে সম্পূৰ্ণৰূপে সমৰ্থন কৰিছিল। তেওঁ একে মনোভাৱেৰে পাকিস্তানৰ সহযোগিতাৰ বাবে আবেদন জনায়।
প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ আৱেগক আদৰণি জনাই কয় যে চূড়ান্ত সিদ্ধান্ত সকলো অংশীদাৰৰ সৈতে আলোচনাৰ অন্তত শ্ৰীলংকালৈ দল প্ৰেৰণ কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই কঠিন সময়ত শ্ৰীলংকাই পাকিস্তানৰ সৈতে দৃঢ়তাৰে থিয় দিছিল। শেহতীয়াকৈ শ্ৰীলংকাৰ দলটোৱে পাকিস্তান ভ্ৰমণ বাতিল নকৰি উল্লেখযোগ্য সমৰ্থন প্ৰদৰ্শন কৰিছে। পিচিবিৰ অধ্যক্ষ মহছিন নাকৱীয়ে প্ৰধানমন্ত্ৰীক ভাৰত-পাকিস্তানৰ মেচ সন্দৰ্ভত শেহতীয়া বৈঠকৰ বিষয়ে অৱগত কৰে, য’ত আইচিচি আৰু বিচিবিৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। পাকিস্তান চৰকাৰে বিচিবিৰ আনুষ্ঠানিক অনুৰোধ আৰু শ্ৰীলংকা আৰু ইউএইকে ধৰি অন্যান্য দেশৰ সমৰ্থনৰ কথা বিবেচনা কৰে। এই দেশসমূহে পাকিস্তানক এই সমস্যা সমাধানৰ ক্ষেত্ৰত নেতৃত্বৰ ভূমিকা ল’বলৈ কৈছিল। বহুপক্ষীয় আলোচনা আৰু বন্ধু দেশৰ অনুৰোধত পাকিস্তান চৰকাৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ২০২৬ চনৰ ১৫ ফেব্ৰুৱাৰীত আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপৰ খেলখন খেলিব পাকিস্তান দলটোৱে। ইয়াৰ মাজতে পাকিস্তানৰ সংবাদ মাধ্যমে দাবী কৰিছে যে আইচিচিয়ে পিচিবিৰ চৰ্ত মানি লৈছে যদিও ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে আইচিচিয়ে পাকিস্তানৰ তিনিওটা দাবী নাকচ কৰিছে।
এই সন্দৰ্ভত আই চি চিয়ে কোনো বিবৃতি প্ৰকাশ কৰা নাই যদিও তেওঁলোকে জাৰি কৰা এক বিবৃতিত উল্লেখ কৰা হৈছে যে বাংলাদেশক জৰিমনা বিহা নহ’ব আৰু ভৱিষ্যতে এটা ইভেণ্টো দিয়া হ’ব। আইচিচিৰ হৈ ভাৰ্চুৱেলভাৱে এই বৈঠকত যোগদান কৰে আইচিচিৰ চিইঅ’ সঞ্জোগ গুপ্তাই। ভাৰত খেলাৰ বিষয়টোৰ সন্দৰ্ভত পাকিস্তানে তিনিটা চৰ্ত ৰাখিছিল: প্ৰথমতে, আইচিচিৰ মুঠ ৰাজহৰ ভিতৰত পাকিস্তানৰ অংশ বৃদ্ধি কৰা। দ্বিতীয়তে, ভাৰত আৰু পাকিস্তানৰ মাজত দ্বিপাক্ষিক ক্ৰিকেট শৃংখলা পুনৰ আৰম্ভ কৰা। তৃতীয়তে, খেলপথাৰত হেণ্ডশ্বেক প্ৰট’কল কঠোৰভাৱে বলবৎ কৰিব। দৰাচলতে এছিয়া কাপৰ সময়ত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতীয় দলটোৱে পাকিস্তানী খেলুৱৈৰ লগত হাত মিলোৱা নাছিল। বৰ্তমান আইচিচিৰ ৰাজহ মডেলৰ চতুৰ্থ বৃহত্তম শ্বেয়াৰহোল্ডাৰ পাকিস্তানে মুঠ ৰাজহৰ প্ৰায় ৫.৭৫ শতাংশ লাভ কৰে। ইয়াৰ ওপৰত আছে অষ্ট্ৰেলিয়া, ইংলেণ্ড, ভাৰতৰ ব’ৰ্ড।
