ৰাষ্ট্ৰসংঘত ইৰানৰ স্থায়ী প্ৰতিনিধি আমিৰ ছাইদ ইৰভানীয়ে উল্লেখ কৰিছে যে ২৮ ফেব্ৰুৱাৰীৰ পৰা দেশত আমেৰিকা-ইজৰাইলৰ আক্ৰমণত ১৩৩২ জন সাধাৰণ নাগৰিক নিহত হৈছে। শনিবাৰে নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ইৰভানীয়ে কয় যে ইৰানী ৰেড ক্ৰেচেণ্ট ছ’চাইটিৰ তথ্য অনুসৰি মৃতসকলৰ ভিতৰত মহিলা আৰু শিশুও আছে।
তেওঁ কয়, হাজাৰ হাজাৰ লোক আহত হৈছে। ইৰভানীয়ে অভিযোগ কৰে যে বিদ্যালয়, চিকিৎসালয়, আৰু অন্যান্য অসামৰিক আন্তঃগাঁথনি ইচ্ছাকৃতভাৱে লক্ষ্য কৰি লোৱা হৈছে। অসামৰিক আন্তঃগাঁথনিক লক্ষ্য কৰি লোৱাৰ কথা অস্বীকাৰ কৰিছে আমেৰিকাই। ইৰানৰ এখন ছোৱালীৰ বিদ্যালয়ত হোৱা আক্ৰমণত ১৫০ জনতকৈ অধিক শিশু মৃত্যু হোৱাত আমেৰিকাই তদন্ত কৰাৰ প্ৰতিশ্ৰুতি দিছে।
