বৰ্তমান সময়ত ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলা চলি হৈছে যদিও ৮ মাহৰ পাছত টি-২০ বিশ্বকাপ ২০২৬ আৰম্ভ হ’ব। অহা বছৰ ভাৰত আৰু শ্ৰীলংকাই টি-২০ বিশ্বকাপ আয়োজন কৰিব, য’ত মুঠ ২০টা দলে অংশগ্ৰহণ কৰিব। এতিয়ালৈকে মুঠ ১৩টা দলে বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে, ইয়াৰে নতুনকৈ প্ৰৱেশ কৰা দলটো হৈছে কানাডা। কানাডাৰ দলটোৱে আমেৰিকাছ ৰিজিঅ’নেল ফাইনেলত জয়লাভ কৰি বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। টি-২০ বিশ্বকাপত ২০টা দলে দ্বিতীয়বাৰৰ বাবে অংশগ্ৰহণ কৰিব। আয়োজক হোৱাৰ বাবে ভাৰত আৰু শ্ৰীলংকাই পোনপটীয়াকৈ বিশ্বকাপ প্ৰতিযোগিতাত প্ৰৱেশ কৰিছে। ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ শীৰ্ষ ৮ স্থান দখল কৰা দলসমূহে ২০২৬ চনৰ বিশ্বকাপত প্ৰত্যক্ষ প্ৰৱেশ লাভ কৰে।
যোৱা সংস্কৰণত ভাৰতৰ বাহিৰেও অষ্ট্ৰেলিয়া, ইংলেণ্ড, আমেৰিকা, আফগানিস্তান, ৱেষ্ট ইণ্ডিজ, বাংলাদেশ আৰু দক্ষিণ আফ্ৰিকাই ছুপাৰ-৮ পৰ্যায়ত উপনীত হয়। ইয়াৰ পিছতে ৰেংকিঙৰ পৰৱৰ্তী তিনিটা দলে বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিব।বাকী ৮ টা দলে আঞ্চলিক কোৱালিফায়াৰৰ ভিত্তিত অৰ্হতা লাভ কৰিব। আঞ্চলিক কোৱালিফায়াৰৰ ভিত্তিত আফ্ৰিকাৰ পৰা ২টা দল, এছিয়া আৰু ইষ্ট এছিয়া-পেচিফিক অঞ্চলৰ পৰা ৩টা দল, ইউৰোপৰ পৰা ২টা দল আৰু আমেৰিকা অঞ্চলৰ পৰা এটা দলে যোগ্যতা অৰ্জন কৰিব। এতিয়ালৈকে যোগ্যতা অৰ্জন কৰা দলসমূহ: ভাৰত, শ্ৰীলংকা, অষ্ট্ৰেলিয়া, ইংলেণ্ড, নিউজিলেণ্ড, পাকিস্তান, দক্ষিণ আফ্ৰিকা, বাংলাদেশ, আফগানিস্তান, ৱেষ্ট ইণ্ডিজ, আমেৰিকা, আয়াৰলেণ্ড আৰু কানাডা। এতিয়া আৰু ৭টা দলে বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ ওলাইছে।
এতিয়া ইউৰোপৰ পৰা ২ টা দলে যোগ্যতা অৰ্জন কৰিব, ২ টা দলে আফ্ৰিকা কোৱালিফায়াৰ টুৰ্ণামেণ্টৰ জৰিয়তে বিশ্বকাপত প্ৰৱেশ কৰিব। আনহাতে এছিয়া-পেচিফিক অঞ্চলৰ পৰা ৩টা দলে বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিব। ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ যৌথ উদ্যোগত ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাৰ ফাইনেলত ভাৰতে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ইতিহাসৰ সৃষ্টি কৰিছিল।
