পৰম্পৰাগত জীৱিকাৰ সৈতে জড়িত ৰাজ্যৰ ১৩,৬৫৫ গৰাকী শিল্পীক ১২৫.৩৪ কোটি টকাৰ ঋণ প্ৰদানৰ তথ্য মঙলবাৰে ৰাজহুৱা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমৰ এক পোষ্টযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ জৰিয়তে অসমৰ খিলঞ্জীয়া কাৰিকৰসকলক দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ আৰু আধুনিক সঁজুলিৰে সলক কৰি তোলাৰ কথা সদৰী কৰে।
আঁচনিখনৰ অধীনত বৰ্তমানলৈকে ৰাজ্যৰ ১.১৮ লাখ শিল্পীক দক্ষতাৰ প্ৰমাণপত্ৰ প্ৰদান কৰাৰ লগতে ৯২,৮৫১ গৰাকী হিতাধিকাৰীৰ প্ৰশিক্ষণ কাৰ্যসূচী সম্পূৰ্ণ কৰা হৈছে। চৰকাৰে হস্তশিল্পৰ কাম-কাজত আধুনিকতা অনাৰ লক্ষ্যৰে ৩৭,৪০২ গৰাকী যোগ্য শিল্পীক টুলকিট বিতৰণ কৰিছে। আৰ্থিক ঋণ আৰু কাৰিকৰী শিক্ষাৰ জৰিয়তে এইসকল শিল্পীক উৎপাদন বৃদ্ধিৰ বাবে চৰকাৰে প্ৰয়োজনীয় সমৰ্থন আগবঢ়াইছে।
২০২৩ চনৰ বিশ্বকৰ্মা জয়ন্তীৰ দিনা আৰম্ভ হোৱা এই আঁচনিখনে বিশেষকৈ মহিলা আৰু পিছপৰা শ্ৰেণীৰ লোকসকলক স্বাৱলম্বী কৰাৰ চেষ্টা চলাইছে। জিলা পৰ্যায়ত গঠন কৰা বিশেষ গোটসমূহে এই কাৰ্যসূচীৰ তদাৰক কৰি শিল্পীসকলক বজাৰৰ সৈতে সংযোগ কৰাৰ বাবে কাম কৰে। ৰাজ্য চৰকাৰৰ মতে, এই প্ৰচেষ্টাই পৰম্পৰাগত কাৰিকৰী শিল্পক এক নতুন মাত্ৰা প্ৰদান কৰিছে।
