বিদ্ৰোহীৰ ক্ৰমাগত গতিবিধি আৰু নিৰাপত্তাৰক্ষীৰ কৌশলপূৰ্ণ অভিযানৰ মাজতে ছত্তীশগড়ৰ দণ্ডকাৰণ্যৰ গভীৰ বনাঞ্চলত পুনৰ এক তীব্ৰ সংঘৰ্ষৰ সূত্ৰপাত ঘটিছে। শনিবাৰে পুৱাৰে পৰা চলা এই নক্সাল বিৰোধী অভিযানত এতিয়ালৈকে ১২ জনতকৈও অধিক নক্সালপন্থী নিহত হোৱাৰ খবৰ পোৱা গৈছে। আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, দুটা পৃথক এনকাউণ্টাৰত চুকমা জিলাৰ বনাঞ্চলত ১০ জনতকৈ অধিক আৰু কাষৰীয়া বিজাপুৰ জিলাত ২ জন দুৰ্ধৰ্ষ কেডাৰক গুলীয়াই নিধন কৰা হয়।
প্ৰাপ্ত বাতৰি অনুসৰি, চুকমা জিলাৰ দক্ষিণ অঞ্চলৰ ঘন বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ এটা দলে তালাচী চলাই থকাৰ সময়তে নক্সালপন্থীৰ সৈতে মুখামুখি সংগ্ৰাম আৰম্ভ হয়। বৰ্তমানো সেই স্থানত অভিযান অব্যাহত থকাৰ লগতে নিৰাপত্তাৰক্ষীয়ে সমগ্ৰ এলেকাটো ঘেৰি ৰাখিছে।
উল্লেখযোগ্য যে, বিজাপুৰ জিলাৰ দক্ষিণ অংশত আজি পুৱা প্ৰায় ৫ বজাত ডিষ্ট্ৰিক্ট ৰিজাৰ্ভ গাৰ্ডৰ এটা দলে অনুৰূপ এক অভিযান চলোৱাৰ সময়তে দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটে। ঘটনাস্থলীৰ পৰা দুজন নক্সালপন্থীৰ মৃতদেহ আৰু কেইবাটাও মাৰাত্মক অস্ত্ৰ উদ্ধাৰ কৰা হৈছে।
ইফালে, বিগত ২০২৫ বৰ্ষটোত ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰ হাতত মুঠ ২৮৫ জন নক্সালপন্থী নিহত হৈছে, যিয়ে ৰাজ্যখনত উগ্ৰপন্থী বিৰোধী অভিযানৰ তীব্ৰতাক সূচাইছে। আজিৰ এই দুয়োটা অভিযানত নিৰাপত্তাৰক্ষীৰ কোনো লোক হতাহত হোৱা নাই যদিও বৰ্তমানো বনাঞ্চলৰ ভিতৰত মাজে মাজে গুলীয়াগুলি চলি থকা বুলি জানিব পৰা গৈছে।
