উত্তৰ-পূৰ্বাঞ্চলৰ নিৰাপত্তা ব্যৱস্থা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সিপাৰৰ পৰা সক্ৰিয় হোৱা সন্ত্ৰাসবাদীৰ কুচক্ৰৰ বিষয়ে উদ্বেগৰ মাজত, আৰক্ষীয়ে বাংলাদেশৰ সৈতে জড়িত এক চৰমপন্থী গোটৰ সন্দেহত ১১ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। গুৱাহাটী আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তে প্ৰকাশ কৰিছে যে, এই অভিযান গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চলোৱা হৈছিল। কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা প্ৰদান কৰা চোৰাংচোৱা তথ্যৰ আধাৰত বিশেষ টাস্ক ফ’ৰ্চে বৰপেটা, চিৰাং, দৰং জিলাসহ ত্ৰিপুৰাত অভিযান পৰিচালনা কৰা হয়। ধৃত ব্যক্তিসকলে বিদেশী চৰমপন্থী নেটৱৰ্কৰ সৈতে যোগাযোগ ৰক্ষা কৰি, বহিঃৰাষ্ট্ৰৰ পৰা নিৰ্দেশনা মৰ্মে কাৰ্য সম্পাদনা কৰিছিল। ধৃত ১১০০জনৰ ভিতৰত ১০জন অসমৰ আৰু ১জন ত্ৰিপুৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। তদন্তই প্ৰকাশ কৰিছে যে, এই গোটে উত্তৰ-পূৰ্বাঞ্চলত কট্টৰপন্থী মতাদৰ্শ প্ৰসাৰ আৰু সামাজিক অস্থিৰতা সৃষ্টিৰ পৰিকল্পনা কৰিছিল।
