পথ-দুৰ্ঘটনা ৰোধ আৰু দুৰ্ঘটনাত নিহতৰ সংখ্যা হ্ৰাস কৰাৰ লক্ষ্যৰে সমাজৰ সৰ্বস্তৰলৈ পথ-সুৰক্ষা সজাগতা আগবঢ়াই নিয়াৰ বাবে আজি মহানগৰীৰ ৰাজপথত এক বৃহৎ কাৰ ৰেলী উলিওৱা হয়। আজি দুপৰীয়াৰ ভাগত বশিষ্ঠ চাৰিআলিৰ ওজা হুণ্ডাই প্ৰাইভেট লিমিটেডৰ সন্মুখত পতাকা জোকাৰি এই কাৰ ৰেলী মুকলি কৰে পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে। কাৰ ৰেলী মুকলি কৰি তেওঁ পথেৰে চলাচল কৰা সকলো শ্ৰেণীৰ যানবাহন ব্যৱহাৰকাৰীৰ যোগেদি সমাজৰ সৰ্বস্তৰতে পথ-সুৰক্ষাৰ জনসচেতনতা সৃষ্টিৰ উদেশ্যৰ কথা ব্যক্ত কৰে। তেওঁ কয় যে যানবাহন ব্যৱহাৰকাৰীয়ে সদায় বাহনখনৰ সুৰক্ষাৰ দিশটো সঠিক আৰু সম্পূৰ্ণ হৈ থকাটো বিচাৰে ৷ এইক্ষেত্ৰত হুণ্ডাই ক্ৰেতাই মানুহৰ চাহিদা পূৰণ কৰিছে বুলি উল্লেখ কৰি বাহনখনৰ দহবছৰ সম্পূৰ্ণ হোৱা উপলক্ষত পথ সুৰক্ষা সজাগতাৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাক আদৰণি জনায়। যিহেতু পথ দুৰ্ঘটনাই বৰ্তমান সময়ত সকলোকে চিন্তিত আৰু হতচকিত কৰি তুলিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মহোদয়ে আৰম্ভণিৰে পৰা পথত সকলো যান-বাহন ব্যৱহাৰকাৰীৰ সুৰক্ষা নিশ্চিত কৰাত সৰ্বাধিক গুৰুত্ব দি অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাত মনোনিৱেশ কৰিছে।
সেয়ে মুখ্যমন্ত্ৰী মহোদয়ৰ দুৰ্ঘটনামুক্ত অসমৰ সপোন বাস্তৱায়িত কৰাত হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডে আজি উলিওৱা কাৰ ৰেলী আৰু পথ-সুৰক্ষা সজাগতা অনুষ্ঠান এক আদৰ্শ হিচাপে চিহ্নিত হৈ থাকিব। ইফালে দুচকীয়া বাহনকে ধৰি অনান্য যান-বাহন ব্যৱহাৰকাৰী সকলৰ পথত গাড়ী চলোৱাৰ প্ৰতিযোগিতা যাতে কোনো কাৰণতে মৃত্যুৰ প্ৰতিযোগিতাত অৱতীৰ্ণ নহয় তাৰবাবেও তেওঁ সকলোকে সতৰ্ক কৰি দিয়ে। উল্লেখ্য যে হুণ্ডাই ক্ৰেতাৰ দহ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে হোণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডৰ উদ্যোগত, পৰিবহণ বিভাগৰ তত্ত্বাৱধানত আৰু ওজা হুণ্ডাই, শৰাইঘাট হুণ্ডাই, মুকেশ হুণ্ডাই, লোহিয়া হুণ্ডাইৰ সহযোগত আজি এক গাম্ভীৰ্যপূৰ্ণ পথ-সুৰক্ষা সজাগতা অনুষ্ঠানো অনুষ্ঠিত হয়। এই উপলক্ষে অনুষ্ঠিত সভাত উপস্থিত থাকি পৰিবহণ বিভাগৰ উচ্চপদস্থ বিষয়া শ্ৰীদাসে বক্তব্য আগবঢ়ায়। হুণ্ডাইৰ মটৰ ইণ্ডিয়া লিমিটেডৰ আঞ্চলিক মূৰব্বী দীপক বাঞ্চাল, টেৰিটৰি চেলছ মেনেজাৰ নীলিময় নাথ, ওজা হুণ্ডাইৰ পৰিচালন সঞ্চালক ৰাজদ্বীপ ওজা, শৰাইঘাট হুণ্ডাইৰ সঞ্চালক সিদ্ধাৰ্থ ওজা, লোহিয়া হুণ্ডাইৰ সঞ্চালক ৰোহিত লোহিয়া, মুকেশ হুণ্ডাইৰ মুখ্য কাৰ্যবাহী বিষয়া সৌৰভ মোডীকে ধৰি গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷
সভাত উপস্থিত থাকি ওজা হুণ্ডাইৰ সঞ্চালক ৰাজদ্বীপ ওজাই যানবাহন ব্যৱহাৰকাৰী সকলক সকলো সময়তে পথ-সুৰক্ষা সজাগতা বজাই ৰাখিবলৈ আহ্বান জনায়। কিয়নো যান-বাহনত সুৰক্ষাৰ বাবে যিমানেই ব্যৱস্থা নাথাকক লাগিলে, সেইসমূহ সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ বাহনৰ চালক সদায় সজাগ-সচেতন হৈ থাকিব লাগিব। সমাজকৰ্মী ৰোহন তালুকদাৰে পৰিচালনা কৰা গুৰুত্বপূৰ্ণ সজাগতা অনুষ্ঠানটোত মিনাঙ্ক ডেকাৰ পৰিচালনাত “নিৰ্বাক”ৰ শিল্পীসকলে পথ-সুৰক্ষা সজাগতামূলক মুকাভিনয় পৰিৱেশন কৰি সকলোকে আকৰ্ষণ কৰে ৷
