সৰস্বতী পূজাৰ দিনটোতে গুৱাহাটী মহানগৰীত শোকাৱহ দুৰ্ঘটনা। মহানগৰীৰ কাহিলীপাৰাত ১০৮ ৰ খুন্দাত নিহত যুৱতী। থিতাতে নিহত বঙাইগাঁৱৰ উত্তৰ শালমাৰাৰ লুনা ভৰদ্বাজ(২২)। দুৰ্ঘটনাত দেৰগাঁৱৰ অচ্যুত বৰুৱা(২৪) নামৰ এজন যুৱকো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।সংকটজনক অৱস্থাত GMCH ৰ আই চি ইউত চিকিৎসাধীন হৈ আছে যুৱক জনক।
