দিল্লীত সামৰণি পৰিছে অখিল ভাৰতীয় শিক্ষা সমাগম ২০২৩ৰ। শিক্ষাখণ্ডৰ অগ্ৰদূত বা শিক্ষাবিদসকলে ভাৰতক এখন সমতাপূৰ্ণ আৰু সজীৱ জ্ঞান সমাজলৈ ৰূপান্তৰিত কৰাৰ বাবে সামূহিকভাৱে কাম কৰাৰ সংকল্প গ্ৰহণ কৰে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ভাৰতক জ্ঞান-আধাৰিত মহাশক্তি হিচাপে গঢ়ি তোলাৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ৰূপায়ণৰ বাবে শিক্ষা পৰিয়ালৰ দায়বদ্ধতাৰ ওপৰত আলোকপাত কৰি সামৰণি ভাষণ প্ৰদান কৰে। সামৰণি অধিৱেশনত ভাষণ প্ৰদান কৰি মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে, “শিক্ষা পৰিবাৰে ভাৰতক জ্ঞান-আধাৰিত মহাশক্তি হিচাপে গঢ়ি তুলিবলৈ এন ই পি ৰূপায়ণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ শৈক্ষিক সম্প্ৰদায়ক শিক্ষাৰ এই মহাকুম্ভক সৰ্বভাৰতীয় প্ৰতিষ্ঠানলৈ ৰূপান্তৰ কৰিবলৈ আহ্বান জনায়।
প্ৰায় ৩,০০০ শিক্ষাবিদ আৰু বিশেষজ্ঞই ১৬টা বিষয়ভিত্তিক অধিৱেশনত অংশগ্ৰহণ কৰিছিল, অধিৱেশনত এন ই পি ২০২০ৰ অধীনত শিক্ষা সংস্কাৰ ৰূপায়ণৰ বাবে উত্তম পদ্ধতি আৰু ধাৰণাসমূহ ভাগ-বতৰা কৰে। এই অনুষ্ঠানত উচ্চ শিক্ষা, বিদ্যালয় শিক্ষা, দক্ষতাকে ধৰি বিভিন্ন খণ্ডত স্বাক্ষৰিত ১০৬খন বুজাবুজি চুক্তিও প্ৰদৰ্শিত হয়। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ তৃতীয় বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি আয়োজন কৰা এই প্ৰদৰ্শনীত প্ৰায় ২ লাখ লোকে অংশগ্ৰহণকাৰী কৰিছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পিএম শ্ৰী আঁচনিৰ অধীনত প্ৰথম কিস্তিৰ ধন মুকলি কৰে আৰু ৬২০৭ খন বিদ্যালয়ে ৬৩০ কোটি টকাৰ প্ৰথম কিস্তি লাভ কৰে। ইয়াৰ লগতে তেওঁ ১২টা ভাৰতীয় ভাষালৈ অনুবাদ কৰা শিক্ষা আৰু দক্ষতাৰ পাঠ্যক্ৰমৰ গ্ৰন্থও মুকলি কৰে। মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে শৈক্ষিক সম্প্ৰদায়ক শিক্ষাৰ মহাকুম্ভক সৰ্বভাৰতীয় প্ৰতিষ্ঠানলৈ ৰূপান্তৰ কৰিবলৈ আহ্বান জনায় আৰু বিদ্যালয়ৰ পৰিস্থিতিতন্ত্ৰ শক্তিশালী কৰিবলৈ শিক্ষা প্ৰতিষ্ঠানসমূহৰ মুৰব্বীসকললৈ আহ্বান জনায়।