541

৩০-৩৫ কিলোমিটাৰ দূৰ চাইকেল চলাই নিজ কৰ্তব্যস্থলী কৰ্তব্যস্থলী পালে সাংবাদিক দিপেন ভাৰলীয়ে

ষ্টাফৰিপোৰ্টাৰ, ২২ এপ্ৰিল :: নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি থকা প্ৰবল আগ্ৰহৰ বাবে সুদূৰ ৩০-৩৫ কিলোমিটাৰ দূৰ চাইকেল চলাই নিজ কৰ্তব্যস্থলী দৈনিক বাতৰি কাকতৰ কাৰ্যালয়ত উপস্থিত হ’ল দিপেন ভৰালী। কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দ্বিগুণপাৰৰ ৰাজেন ভৰালী, কিৰণ ভৰালী দ্বিতীয় পুত্ৰ সন্তান দিপেন ভৰালী কাকতখনৰ উপ সম্পাদক।বিশ্বজুৰি ক’ৰ’ণা ভাইৰাছ মহামাৰীৰ ফলত আন দেশৰ লগতে ভাৰততো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লকডাউনে একৈশদিনীয়া লকডাউন ঘোষণা কৰিছিল।ইয়াৰ ফলত প্ৰায়বোৰ উদ্যোগ, প্ৰতিষ্ঠান, চৰকাৰী-বেচকাৰী কাৰ্যালয় বন্ধ আছিল।জৰুৰী সেৱাৰে জড়িত সংবাদমাধ্যম,আৰক্ষী প্ৰশাসন,চিকিৎসক, নাৰ্ছে অহৰহ কৰ্তব্য সম্পাদন কৰি আহিছে এই বন্ধৰ সময়ছোৱাতো।নিজৰ কোনো বাহন নথকাত দিপেন ভৰালীয়ে আন এখন কাকতৰ কৰ্মী এগৰাকীৰ লগতে তেওঁৰ দুচকীয়া বাহনেৰে আহি বন্ধৰ পিছৰে পৰা কৰ্তব্য কৰি আহিছিল। শেহতীয়াকৈ দুচকীয়া বাহনত দুজনকৈ আৰোহী উঠাত প্ৰশাসনে বাধা আৰোপ কৰাত লোকজনে ভৰালীক আনিবলৈ ইচ্ছুক নোহোৱাত শনিবাৰৰ পৰা ঘৰতে থাকিবলৈ বাধ্য হয়।কৰ্তব্যত গাফিলতি নকৰা ভৰালীয়ে তিনিটা দিন ঘৰতে থাকি আজি পুৱাই সাত বজাত একমাত্ৰ সংগী চাইকেলখন লৈ গুৱাহাটী বুলি ৰাওনা হয়। সাত বজাৰ পৰা চাইকেল চলাই প্ৰায় দহ বজাত কাৰ্যালয়ত উপস্থিত হয়। ২০১১ চনত কাকতত যোগদানৰ দিন ধৰি বাইহাটা ৰে’ল ষ্টেচনলৈ চাইকেল লৈ আহি যাত্ৰীবাহী ৰে’লখনেৰে বিগত দহ বছৰে কৰ্তব্য পালন কৰি আহিছিল। পিতৃ-মাতৃ, পত্নী, কন্যা, ভাতৃৰে ভৰপুৰ সংসাৰৰ দায়িত্ব পালন কৰিবলৈ ভৰালীৰ কষ্ট হয় অনেক।সম্প্ৰতি লকডাউনে কৰ্তব্য সম্পাদন কৰাত অসুবিধাৰ সৃষ্টি কৰিলেও লকডাউনে ক’ৰ’ণাৰ সংক্ৰমণ ৰোধত ভাৰত বহুখিনি সফল হৈছে বুলি ভৰালীয়ে জানিবলৈ দিয়ে।