ভাৰতৰ বীমাখণ্ডত এতিয়া এশ শতাংশ বিদেশী বিনিয়োগ নিশ্চিত হৈ পৰিছে। ইয়াৰ বাবে কেন্দ্রীয় চৰকাৰে সদনৰ মজিয়াত উত্থাপন কৰিবলৈ প্রস্তুতি চলাইছে এখন নতুন বিধেয়ক, যিখন গৃহীত হৈ আইনৰ ৰূপ লোৱাৰ পিছতে দেশৰ বীমাখণ্ডত এশ শতাংশ বিদেশী বিনিয়োগ নিশ্চিত হৈ পৰিব।
বর্তমানলৈ দেশৰ বীমাখণ্ডত বিদেশী বিনিয়োগ ৭৪ শতাংশহে নিশ্চিত হৈ আছে। কিন্তু কেন্দ্রীয় চৰকাৰে ইয়াৰ পৰিমাণ এশ শতাংশলৈ বৃদ্ধিৰ যো-জা চলাইছে। ইয়াৰ উদ্দেশ্য হৈছে ২০৪৭লৈ সকলোকে বীমা আগবঢ়োরা। ‘সবকা বীমা সবকা ৰক্ষা’ অধিনিয়ত ২০২৫ৰ অধীনত বীমা অধিনিয়ম ১৯৩৮, ভাবতীয় জীবন বীমা নিগম লিমিটেড, ১৯৫৬ আৰু বীমা নিয়ামক আৰু বিকাশ প্ৰাধিকৰণ অধিনিয়ম ১৯৯৯ সংশোধনৰ প্ৰস্তাৱ ৰখা হৈছে।
এই বিধেয়কখন চলিত সংসদৰ অধিৱেশনতে কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিব। যদিওবা বীমাখণ্ডত এশ শতাংশ বিদেশী বিনিয়োগ নিশ্চিত হ’ব, তথাপি শীর্ষ পদৰ বিষয়াসকলৰ ভিতৰত কমেও এজন ভাৰতীয় নাগৰিক হোৱাটো বাধ্যতামূলক হ’ব।
